এই ঘটনা মহানগৰীৰ। বৰ আচৰিত যেন লাগিলেও এয়াই সত্য। চিনেমাত দেখাৰ দৰে এইবাৰ চোৰে আজৱ কৌশল প্ৰয়োগ কৰি চকুৰ পলকতে দোকানীৰ পৰা সামগ্ৰী লৈ উধাও হয়।
ঘটনাৰ বিবৰণি অনুসৰি, দোকানত বজাৰ কৰি স্কুটিত মনিবেগ পাহৰি অহা বুলি কৈ দোকানৰ পৰা বস্তু লৈ ঘূৰি নাহিল চোৰ। অৱশ্যে দোকানীৰ বিশ্বাসৰ বাবে চোৰে থৈ গল নিজৰ হেলমটটো।
এই সন্দৰ্ভত দোকানখনৰ স্বতাধীকাৰিয়ে কয় যে এইদৰে কেতিয়াও হোৱা নাছিল। যদি কোনোবা গ্ৰাহকে হেলমেট থৈ যায় তেতিয়া বিশ্বাসতে সকলোৱে ভাবিব যে তেওঁ সঁচাকৈয়ে পইচা আনিবলৈয়ে গৈছে। আমাৰ লগত হোৱা এই আজৱ কাণ্ডৰ সকলো চিচি টিভিত বন্দী হৈ আছে, আমি বিচাৰো আমাৰ দৰে আন ব্যৱসায়ীসকলো সাৱধান হওক এইধৰণৰ চোৰৰ পৰা।
Watch Video: https://youtube.com/shorts/2e9j5RZ6aFs?si=O5g3bGwjZGx10wg7
আচলতে এনেকোৱা ঘটনা শুনিলে সকলোৱে যদিও হাঁহিৰ ৰস বিচাৰি পাব, তথাপি এইধৰণৰ কাণ্ডই পুনৰ প্ৰমাণিত কৰিছে যে একাংশ চোৰে এতিয়াও কোনো ভয়-সংকুচ নকৰাকৈয়ে দিনৰ পোহৰত দোকানৰ পৰা চুৰি কৰিব পাৰে ! গতিকে এই ঘটনাৰ পৰা সকলো ব্যৱসায়ীয়ে শিক্ষা লোৱা উচিত।