ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা বিতৰ্কিত APS বিষয়া ৰুমীৰ তিমুংপীৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা APSCৰ ৰাজপত্ৰিত বিষয়াৰ বাব ক্ৰয় কৰিছিল APS ৰুমীৰ তিমুংপীয়ে। আনকি, ২০১৩ বৰ্ষৰ APSCৰ মূল পৰীক্ষাতে উত্তীৰ্ণ হোৱা নাছিল তথাকথিত APS ৰুমীৰ তিমুংপী। উল্লেখযোগ্য যে, ২০১৩ বৰ্ষৰ পৰীক্ষাত ST HILLS ৰ CUT-OFF নম্বৰ আছিল ৬৩১। কিন্তু , APS ৰুমীৰ তিমুংপীয়ে মূল পৰীক্ষাত লাভ কৰিছিল মাত্ৰ ৫৭৮ নম্বৰ। অৰ্থাৎ মূল CUT-OFF মাৰ্কতকৈ ৫৩ নম্বৰ কমকৈ লাভ কৰিছিল বিতৰ্কিত ৰুমীৰ তিমুংপীয়ে।
আশ্বৰ্যজনকভাৱে, APSC ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত সৰ্বমূঠ ৬ খন উত্তৰবহীৰ ৪ খনতেই জালিয়াতিৰে নম্বৰ বৃদ্ধি কৰা হৈছিল ৰুমীৰ তিমুংপীৰ। ইংৰাজী বিষয়ত ৰুমীৰে লাভ কৰিছিল মাত্ৰ ১২৫ নম্বৰ, কিন্তু ৰাকেশ পালৰ টেবুলেশ্যন ছীটত ১২৫ নম্বৰ বৃদ্ধি হৈ হৈছিল গৈ ১৭৫ নম্বৰ। ইংৰাজীত সৰ্বমুঠ ৫০ নম্বৰ জালিয়াতিৰে বৃদ্ধি হৈছিল ৰুমীৰ তিমুংপীৰ। আনহাতে, ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত ৰুমীৰে লাভ কৰিছিল মাত্ৰ ৬১ নম্বৰ, কিন্তু টেবুলেশ্যন ছীটত ৬১ নম্বৰ বৃদ্ধি হৈ হৈছিলগৈ ১১১। অৰ্থাৎ পুনৰ ৫০ নম্বৰ বৃদ্ধি হৈছিল ৰাজনীতি বিজ্ঞানৰ প্রথম কাকতত। ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় কাকততো ৰাকেশ পালে বৃদ্ধি কৰিছিল ৫০ নম্বৰ। ৭৭ নম্বৰৰ পৰিৱৰ্তে ১২৭ নম্বৰ প্ৰদান কৰা হৈছিল ৰুমীৰ তিমুংপীক।
সমাজতত্বৰ প্ৰথম কাকততো ৰুমীৰ তিমুংপীৰ বৃদ্ধি হৈছিল ৫০ নম্বৰ। প্ৰাপ্ত ৮৫ নম্বৰৰ পৰিৱৰ্তে জালিয়াতিৰে দিয়া হৈছিল বৰ্ধিত ১৩৫ নম্বৰ। APS ৰুমীৰ তিমুংপীয়ে সাধাৰণ অধ্য়য়নৰ কাকতখনত লাভ কৰিছিল ১১৩ নম্বৰ আৰু সমাজতত্বৰ দ্বিতীয়খন কাকতত ১১৭ নম্বৰ। APSCৰ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত স্থানপ্ৰাপ্ত বিতৰ্কিত ৰুমীৰ তিমুংপীক সৰ্বমুঠ ২০০ নম্বৰ বৃদ্ধি কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে। জালিয়াতিৰে লাভ কৰা এই ৭৭৮ নম্বৰৰ সুবাদতেই অসম আৰক্ষী সেৱাত যোগদান কৰিছিল বিতৰ্কিত ৰুমীৰ তিমুংপীয়ে।
তদানীন্তন ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল ৯ খনকৈ লুজ টেবুলেশ্যন ছীট। MR No.340/2016 নম্বৰৰ বিশেষ টেবুলেশ্যন ছীটখনত ইতিমধ্যে সোণালী আখৰেৰে স্পষ্ট হৈ আছিল ৰুমীৰ তিমুংপীৰ প্ৰতিটো জালিয়াতিৰ তথ্য। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতো স্পষ্ট APS ৰুমীৰ তিমুংপীৰ নাম।
ইতিমধ্যে, যোৱা ৩০ নৱেম্বৰত APS ৰুমীৰ তিমুংপীক বিভাগীয়ভাৱে নিলম্বনো কৰিছিল ৰাজ্যৰ গৃহবিভাগে। ১৮ ডিচেম্বৰত CIDৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে APSC কেলেংকাৰীৰ তদন্তকাৰী সংস্থা SITয়ে। এইগৰাকী বিতৰ্কিত APS ৰুমীৰ তিমুংপীয়ে এইবৰ্ষৰে আগষ্টত লাভ কৰিছিল ৰহস্যজনক পদোন্নতি। NIAৰ মুখ্য কাৰ্যালয়লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি লাভ কৰাৰ পাছতেই পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাইছিল এইগৰাকী নিলম্বিত APS ৰুমী তিমুংপী।
Source: https://assam.news18.com/