গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ‘Jansamparka: A Public Relations Meet’ শীৰ্ষক অনুষ্ঠান

1 min read

🔹গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ফণীধৰ দত্ত সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জন-সম্পৰ্ক- A public relations meet শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হয়।

🔹সভাত অসমৰ বিভিন্ন ব্যক্তিগত আৰু চৰকাৰী উন্নয়ন খণ্ডৰ জনসংযোগকাৰী বিষয়া ক্ৰমে হিমাংশু কুমাৰ শৰ্মা, জ্যেষ্ঠ উপ সাধাৰণ সঞ্চালক , ক’ৰ্পৰেট কমিউনিকেশ্বন দিল্লী মেট্ৰ’ পৰিবহন আৰু মাধুৰ্য সিং লহকৰ জ্যেষ্ঠ সঞ্চালক আৰু জনসম্পৰ্ক বিষয়া NTPC , বঙাইগাঁ‌ও, মৃণালজ্যোতি ডেকা জনসম্পৰ্ক বিষয়া আৰু উপাচাৰ্যৰ সচিব, গুৱাহাটী বিশ্ববিদ্যালয়, সমৰেশ বৰ্মন জনসম্পৰ্ক আৰু তথ্য বিষয়া, তেজপুৰ বিশ্ববিদ্যালয় উপস্থিত থাকে।

🔹অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব ড° জগদীশ শৰ্মা। অনুষ্ঠানৰ আৰম্ভণিতে শুভেচ্ছামূলক ব্যক্তব্য আগবঢ়াই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মূৰব্বী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামীয়ে।

🔹গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপজোতি সন্দিকৈ দেৱে অনুষ্ঠান সম্পৰ্কত শুভেচ্ছামূলক বাৰ্তা আগঢ়োৱাৰ লগতে এনেধৰণৰ অনুষ্ঠান বিশ্ববিদ্যালয়ত আয়োজন কৰা বাবে ধন্যবাদ জনায়।

🔹আলোচনা কক্ষত জনসংযোগত কৃত্ৰিম বুদ্ধিমত্তাৰে কাম কৰা আৰু বজাৰ পৰিচালিত পৃথিৱীত জনসংযোগৰ প্ৰত্যাহ্বান সন্দৰ্ভত ব্যাখ্যা কৰি অতিথি সকলে মতামত আগবঢ়ায়। সমল ব্যক্তি হিমাংশু কুমাৰ শৰ্মাই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ত কয় যে, কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষা খণ্ডত ভৱিষ্যতে অভূতপূৰ্ব প্ৰভাৱ পেলাব। কৃত্ৰিম বুদ্ধিমত্তা ফলত মানুহৰ মানসিক চিন্তা ধাৰাৰ পৰিৱৰ্তন ঘটিছে বুলিও তেওঁ উল্লেখ কৰে।

🔹আন এগৰাকী সমল ব্যক্তি মৃণালজ্যোতি ডেকাই কয় যে, ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই নিজৰ স্থান দখল কৰিছে আৰু ইয়াৰ ফলত অনাগত সময়ছোৱাত মানৱ জীৱনত এক বহুল প্ৰভাৱ পেলাব।

🔹NTPC বঙাইগাৱৰ জন-সম্পৰ্ক ৰক্ষী বিষয়া মাধুৰ্য্য সিংহ লহকৰে কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ বজাৰ দখল কৰি আহিছে সেই বিষয়ে মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও বজাৰকেন্দ্ৰিক পৃথিৱী এখনত জনসম্পৰ্কৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰি ছাত্ৰ – ছাত্ৰী সকলক ইয়াৰ কৌশল সমূহ আয়ত্ত কৰিবলৈ আহ্বান জন‍ায়।

🔹তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া সমৰেশ বৰ্মনে বৰ্তমান সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ থকা বিষয় বস্তুৰ উপৰত AIৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰাৰ লগতে জনসম্পৰ্কৰ ক্ষেত্ৰত বিষয়বস্তুৰ নিৰ্বাচনৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। আলোচনাচক্ৰৰ দুয়োটা বিষয়ত আঁত ধৰে ক্ৰমে ড০ অনুপা লহকৰ আৰু ড০ ভাৰতী ভড়ালীয়ে।

🔹অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষকসকল ক্ৰমে. ড০ৰামন বৰা, ড০বিষ্ণু শইকীয়া, নিশান্ত শৰ্মা, জিৎ শইকীয়া আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অনুষ্ঠানত সহযোগিতা আগৱঢ়োৱা বিভিন্ন প্ৰতিষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী তথা সদস্যসকল উপস্থিত থাকে।

You May Also Like

More From Author