পঞ্জাৱৰ সাংৰুৰত ভয়ংকৰ ঘটনা । সাংৰুৰৰ মেৰিটৰিয়াছ স্কুল ঘাব্দাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি কেইবাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে । প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছতে তেওঁলোকক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ নামত বিষাক্ত খাদ্য প্ৰদান কৰাৰ অভিযোগ অভিভাৱকসকলৰ । অভিভাৱকসকলে এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিছে । অভিভাৱকসকলে অভিযোগ কৰা মতে দীপাৱালীৰ পাছৰে পৰা বিদ্যালয়ৰ হোষ্টেলত শিক্ষাৰ্থীসকলক ভালদৰে খাদ্য যোগান ধৰা হোৱা নাছিল ।
ইফালে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকে উল্লেখ কৰা মতে তেওঁলোকে এই বিষয়টো কেইবাবাৰো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছিল । কিন্তু কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল । যোৱা ৩ দিন ধৰি শিক্ষাৰ্থীসকলে পেটৰ বিষত ভুগি আছিল বুলিও অভিযোগ কৰিছে । আনকি এই সম্পৰ্কে বিদ্যালয় কৰ্তৃপক্ষই একাংশ অভিভাৱকক অৱগত নকৰাৰো অভিযোগ উঠিছে।