কেৰাহী আমাৰ পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যিটো আমি প্ৰতিদিনে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰো। পাকঘৰৰ আন বাচন-বৰ্তনবোৰ সহজে চাফা কৰিব পৰা যায় যদিও কেৰাহী চাফা কৰিবলৈ আমাৰ অধিক সময় লাগে। এই ব্যস্ত জীৱনত কেতিয়াবা আমি কেৰাহী চাফা কৰিবলৈ পৰ্যাপ্ত সময় নাপাওঁ। কেতিয়াবা চাফা কৰিবলৈ চেষ্টা কৰিলে ইমানেই জ্বলি যায় যে চাফা কৰাটো কঠিন হৈ পৰে। মহিলাসকলে প্ৰতিদিনে এই সমস্যাৰ সৈতে যুঁজি থাকে। ঘণ্টাৰ পিছত ঘণ্টা চাফা কৰাৰ পিছতো জ্বলি যোৱা কেৰাহীখন পৰিষ্কাৰ নহয়। এনে পৰিস্থিতিত আমি আপোনাক এনে কিছুমান ঘৰুৱা টিপছ ক’ম যাৰ দ্বাৰা এলুমিনিয়ামৰ কেৰাহী সহজে চাফা কৰিব পাৰি আৰু আপুনি আপোনাৰ কেৰাহীখন নতুনৰ দৰে জিলিকিব পাৰে। এই কেইটামান উপায়…
১.বিলাহীৰ ৰস
কেৰাহীত বিলাহীৰ ৰস লগাব।
তাতে অলপ সময় থৈ দিব।
তাৰ পিছত কেৰাহীখন ভালদৰে পৰিষ্কাৰ কৰক।
২.বেকিং চোডা আৰু ভিনেগাৰ
২ চামুচ বেকিং চোডা আৰু ২ চামুচ ভিনেগাৰ একাপ পানীত মিহলাই লওক।
এই মিশ্ৰণটো গৰম কেৰাহীত লগাই ঘঁহিব।
তাৰ পিছত পানীৰে ধুব।
৩.নেমু আৰু নিমখ
নেমু এটুকুৰা নিমখত ডুবাই কেৰাহীৰ ভিতৰৰ পৃষ্ঠত ঘঁহি দিব।
কিছু সময়ৰ পিছত কেৰাহীখন ধুব।
৪.পুৰণি মদ
কেৰাহীত কিছু পুৰণি মদ ঢালি দিব।
কেৰাহীখন কম জুইত ৰাখি মদখিনি অলপ গৰম হ’বলৈ দিব।
জ্বলা ঠাই আৰু দাগ থকা ঠাইত স্ক্রাব কৰিব লাগে।
ৱাইনৰ এচিডিক গুণে জ্বলা ঠাইখিনি ঢিলা কৰি পেলাব, যাৰ ফলত ইয়াক আঁতৰোৱাটো সহজ হ’ব।
ইয়াৰ পিছত কেৰাহীখন ভালদৰে পানীৰে ধুই শুকুৱাই লওক।