কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা। ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বেজগাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত স্থানীয় নৰেন শইকীয়া নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বন বিভাগে তেতেলীগুৰি বন শিবিৰ এলেকাৰ পূব-ইকৰানিত মৃত গঁড়টোৰ পৰা উদ্ধাৰ কৰিছে খৰ্গটো।
Year: 2023
২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই। ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।
কোপ্পালত এক অমানৱীয় ঘটনা সংঘটিত হৈছে, য’ত এজন অন্ধ মুছলমান বৃদ্ধক দুষ্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে বাইকত উঠাই শূন্য অঞ্চললৈ নি অমানৱীয়ভাৱে আক্ৰমণ কৰে। লগতে বৃদ্ধ লোকজনক জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰাই আৰু তেওঁৰ দাড়িত জুই লগাই দি ধন লুটি নিয়াৰ লজ্জাজনক কাণ্ড সংঘটিত কৰে। ২৫ নৱেম্বৰত কৰ্ণাটকৰ কোপ্পালত সংঘটিত হোৱা এই
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম (LPG Cylinder Price hike)। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ২১ টকাকৈ। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই। এই দাম বৃদ্ধিৰ ফলত ১৯ কিলোগ্ৰামৰ
আৰক্ষীৰ জালত ঋত্বিকাৰ প্ৰেমিক আৰু বন্ধু, প্ৰেমিক ৰূপেশেই বন্ধুৰ সৈতে মিলি হত্যা কৰিলে নেকি ঋত্বিকাক?
গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ এটা এপাৰ্টমেণ্ট উদ্ধাৰ হৈছিল মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ। হাতীগাঁৱৰ জনপথৰ এটা বিলাসী এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ। মেঘালয়ৰ নংপুত ঘৰ আছিল যুৱতীগৰাকীৰ। গুৱাহাটীৰ জেট উইংছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল যুৱতীগৰাকী। প্ৰায় ১৩ মাহ ধৰি পশ্চিম বংগৰ যুৱকজনৰ সৈতে একেলগে ফ্লেটটোত বাস কৰিছিল