ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে ৷ শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব দলংখন৷ সামাজিক মাধ্যমত দলঙৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
Year: 2023
ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ (ডি এইছ এ চি) পৰিষদীয় নিৰ্বাচনৰ বাবে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা ৷ উল্লেখ্যে ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব পাহাৰীয়া জিলা খনৰ পৰিষদীয় নিৰ্বাচন ৷
প্ৰমোদ বড়োই ট্ৰেক্টৰ খন অলপ বেছি স্পীদত মাৰুতি-টয়তাৰ দৰে চলাইছে গতিকে প্লাটি খাবই- এইদৰে প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফ সভাপতি তথা বিটিচি ৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। সোমবাৰে বিটিচিৰ পানেৰী অজনজাতি সমষ্টিৰ অন্তৰ্গত ওৰাংগাজুলিত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনায়।
ঘোষণা হ’ল ডি এইছ এ চিৰ নিৰ্বাচৰ বিজেপি প্ৰাৰ্থী তালিকা ৷ এক সংবাদমেলত নিৰ্বাচনৰ বাবে দায়িত্বপ্ৰাপ্ত দলীয় প্ৰভাৰী বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ উল্লেখ্য যে ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৮ জানুৱাৰীত ৷
বাস্তু শাস্ত্ৰ অনুসৰি যদি নতুন বছৰৰ পৰা আপোনাৰ জীৱন সলনি হোৱাটো বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু ক্ৰয় কৰিব লাগে। বাস্তু শাস্ত্ৰৰ মতে, এই সামগ্ৰীবোৰ ক্ৰয় কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পাব। বাস্তু শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ নতুন বৰ্ষত কিছুমান বস্তু ক্ৰয় কৰিব লাগে। নৱবৰ্ষত কিছুমান বস্তু ক্ৰয়