Year: 2023

চাঞ্চল্যকৰ হত্যাকাণ্ড: পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ

চাঞ্চল্যকৰ হত্যাকাণ্ড: পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ

জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা। নিহত লোকজন আচাদুৰ ৰহমান। ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ। ঘাইপথৰ কাষত পেলাই দিছিল স্বামী আচাদুৰৰ মৃতদেহ। নিশাই গ্ৰেপ্তাৰ অভিযুক্ত পত্নী ফিৰ’জা খাতুন। অবৈধ প্ৰেমিক চফিকুল ইছলামকো গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ৰণ্টু বৰদলৈ

অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান!

অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান!

অসমসহ ৫ ৰাজ্যৰ যুৱকৰ অলকায়দাত যোগদান। NIA ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক লক্ষ্য। অনলাইনত। গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা। তেহৰিক-ই-তালিবান, অলকায়দাৰ যুৱ প্ৰজন্মক উচটনি। পাক-আফগানিস্তান সীমান্তত সক্ৰিয় হৈছে দুয়োটা সংগঠন। NIAৰ হাতত পৰিছে অলকায়দাৰ গোপন অভিসন্ধিৰ তথ্য। এই সন্দৰ্ভত ATSক এলাৰ্ট জাৰি

অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু, বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ

অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু, বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ

কুহিঁ,বৰালী,পুঠি,খলিহনা গৰৈ,না’ৰ,কাৱৈ,আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে। একাংশৰ মতে বন্ধন পানীত বিলখনৰ পানী দুষিত হৈ মৃত্যু হৈছে মাছৰ। থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত স্থানীয় গঞাঁ। বাতৰিৰ পাছতেই কাকৰিকতা বিলত উপস্থিত হৈছে মীন বিভাগৰ লোক। উপস্থিত হৈ দূষিত পানীৰ বিজ্ঞানসন্মত পৰীক্ষা কৰে বিভাগীয় লোকে। পানীত মাছ জীয়াই থাকিবৰ বাবে উপযুক্ত

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘটিত হোৱা সংঘৰ্ষত সেনা, আৰক্ষীৰ ৩ জনকৈ শীৰ্ষ বিষয়াৰ মৃত্যুৰ ঘটনাত দেশজুৰি শোকৰ ছাঁ

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘটিত হোৱা সংঘৰ্ষত সেনা, আৰক্ষীৰ ৩ জনকৈ শীৰ্ষ বিষয়াৰ মৃত্যুৰ ঘটনাত দেশজুৰি শোকৰ ছাঁ

এই সংঘৰ্ষত ছহিদ হৈছে সেনাৰ এগৰাকী কৰ্নেল, মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডি এছ পি। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে দুজনকৈ জোৱান। এই সংঘৰ্ষত শ্বহীদ হৈছে ১৯ ৰাষ্ট্ৰীয় ৰাইফলৰ কামাণ্ডিং অফিচাৰ কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি এছ পি গৰাকী হল হুমায়ুন ভাট। তিনিওগৰাকী ছহিদ শীৰ্ষ

বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম

বাৰাণসীত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৩ ছেপ্টেম্বৰত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰাৰ কথা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশত ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামো ৰাইজক উপহাৰ দিয়াৰ কথা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ গঞ্জাৰীত এই ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব।