Year: 2023

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৫ জুলাইলৈ হ’ব ধাৰাষাৰ বৰষুণ!

২৩ জুলাইৰ পৰা আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই ৰাজ্যসমূহত IMDএ হালধীয়া সতৰ্কতাৰে স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীৰ ৱেবচাইটৰ পৰা

গুজৰাটত মহাপ্ৰলয়!

গুজৰাটত মহাপ্ৰলয়!

ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত। পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যানবাহন। ৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল।

মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন…..

মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন…..

শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ ৰাইগাডত হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। তৃতীয় দিনৰ উদ্ধাৰ অভিযানত শনিবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰে। ৮২ জন লোকৰ সন্ধানহীন লোকৰ সন্ধান এতিয়াও অব্যাহত আছে। মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ খালাপুৰ তহচিলৰ ইৰশালৱাড়ী

আজাৰাস্থিত পেপছিক’ কোম্পানীত শ্ৰমিকৰ মৃত্যু!

আজাৰাস্থিত পেপছিক’ কোম্পানীত শ্ৰমিকৰ মৃত্যু!

আজাৰাস্থিত পেপছিক’ কোম্পানীত সংঘটিত হৈছে এই অঘটন। আজাৰাস্থিত এই কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি মৃত্যু হয়। ইয়াকে লৈ কোম্পানীটোত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি কোম্পানীটোৱে শ্ৰমিক প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল। আনহাতে মাত্ৰ ১৩ বছৰীয়া কিশোপ প্ৰণৱজ্যোতিক কিদৰে প্ৰতিষ্ঠানটোৱে

হেপ্পী পিৰিয়ডছ! সোঁতৰ বিপৰীতে গৈ কিশোৰী কন্যাৰ প্ৰথম ঋতুস্ৰাৱ উপলক্ষে পাৰ্টীৰ আয়োজন কৰিলে পিতৃয়ে

হেপ্পী পিৰিয়ডছ! সোঁতৰ বিপৰীতে গৈ কিশোৰী কন্যাৰ প্ৰথম ঋতুস্ৰাৱ উপলক্ষে পাৰ্টীৰ আয়োজন কৰিলে পিতৃয়ে

উত্তৰাখণ্ডৰ এগৰাকী সংগীত শিক্ষকে সমাজৰ কেতবোৰ বাধা–নিষেধ একাষৰীয়া কৰি উদযাপন কৰিলে কিশোৰী কন্যাৰ প্ৰথম পিৰিডয়ছ। উধম সিং নগৰৰ বাসিন্দা জিতেন্দ্ৰ জমকালোৱে এটা পাৰ্টীৰ আয়োজন কৰিলে কন্যা ৰাগিণীৰ প্ৰথম ঋতুস্ৰাৱ অভিজ্ঞতা প্ৰাপ্তি উপলক্ষে। সৰুৰে পৰা এই সোঁতৰ বিপৰীতে যোৱাৰ এক প্ৰৱণতা আছিল শিক্ষকজনৰ। তেওঁ দেখি আহিছিল কিদৰে কিশোৰীসকলক দূৰত ৰখা হৈছিল।