আকৌ খাকী পোছাকত লাগিল কলংকৰ দাগ, গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

1 min read

গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মহিলাৰ। গৰ্ভৱতী মহিলাগৰাকীক ওৰেনিশা থানাত বহুৱাই ৰখাৰ অভিযোগ। পুহ মাহৰ হাঁড় কঁপোৱা ঠাণ্ডাত এখন বেঞ্চত বহুৱাই ৰখাৰ অভিযোগ গৰ্ভৱতী মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীক।

মহিলাগৰাকীয়ে জনোৱা অনুসৰি, নিশা আঢ়ৈ বজাৰ পৰা পুৱা ৬:৩০ বজালৈ আৰক্ষীয়ে থানাত বহুৱাই ৰাখে। প্ৰচণ্ড পেটৰ বিষৰ ফলত থানাতে ঢলি পৰিছিল গৰ্ভৱতী মহিলাগৰাকী।
অভিযোগ অনুসৰি, মহিলা আৰক্ষী নথকা সত্ত্বেও গৰ্ভৱতী মহিলাগৰাকীক বলপূৰ্বকভাৱে গাড়ীত তুলি দিছিল দুই পুৰুষ আৰক্ষীয়ে। ব’হাগী পথৰ পৰা নিশা চাহ খাবলৈ বুলি আহিছিল মহিলাগৰাকীৰ আৰু স্বামী। তাৰ বাবে স্বামী-স্ত্ৰীক থানালৈ উঠাই আনিছিল আৰক্ষীৰ এটা দলে।

মহিলাগৰাকীয়ে কয়, ‘‘গৰ্ভৱতী বুলি কোৱাৰ পাছতো বীৰত্ব প্ৰদৰ্শনেৰে ধমক দিছিল স্মাৰ্ট আৰক্ষীয়ে। থানালৈ কিয় আনিছে বুলি প্ৰশ্ন কৰাৰ বাবেই স্বামীকো প্ৰহাৰ কৰিছিল আৰক্ষীয়ে। ৰাহুল গগৈ নামৰ এজন আৰক্ষীয়ে কৰিছিল প্ৰহাৰ।’’
ইফালে, দম্পতীহালক যাবলৈ দিয়ে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে ম’বাইল ফোন ৰাখি থোৱাৰ অভিযোগ উত্থাপন কিছে। ঘটনাক লৈ মেইলযোগে DGP আৰু মহানগৰ আৰক্ষী আয়ুক্তলৈ FIR প্ৰেৰণ ভুক্তভোগীৰ দুৰ্ভগীয়া দম্পতীৰ।

Source: https://assam.news18.com/news/assam/big-allegation-against-hatigaon-police-station-skd-349745.html

You May Also Like

More From Author