আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, কোনে দখল কৰিব পৰিষদ?

0 min read

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। পৰিষদৰ মুঠ ২৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিৰ হ’ব ভোট গণনা। ৬টা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে বিজেপি প্ৰাৰ্থী।

এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থী হৈছে বিজেপি প্ৰাৰ্থী। হামৰি, গুনজুং, হাৰাংগাজাও, হাজাদিছা, পূৱ মাইবাং আৰু পশ্চিম মাইবাং সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী।

৬টা সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থীসকল হৈছে ক্ৰমে, হামৰি সমষ্টিত মনজিৎ নইদিং, গুনজুং সমষ্টিত নৱজিৎ কেম্প্ৰাই, হাৰাংগাজাও সমষ্টিত অমিন্দু হোজাই, হাজাদিছা সমষ্টিত প্ৰজিত হোজাই, পূব মাইবাং সমষ্টিত মঞ্জয় লাংথাছা আৰু পশ্চিম মাইবাং সমষ্টিত মোহিত হোজাই।

You May Also Like

More From Author