কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা!

1 min read

এফালে দলত অথন্তৰ। এজনৰ পিছত সিজন নেতাৰ কংগ্ৰেছ দলত্যাগ। দলীয় সভাপতি হিচাপে বিপদে লগ এৰা নাই APCCৰ সভাপতি ভূপেন বৰাৰ। ইয়াৰ মাজতে ভূপেন বৰালৈ আন এক বিপদ। কাইলৈ গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

ভূপেন কুমাৰ বৰাক চমন জাৰি কৰিলে যোৰহাট আৰক্ষীয়ে। বুধবাৰে ভূপেন বৰা হাজিৰ হ’ব লাগিব যোৰহাট আৰক্ষী থানাত। ৬০ দিনৰ বাবে ৰঙা ঘৰৰ আলহী হ’ব পাৰে কংগ্ৰেছ সভাপতি ভূপেন কুমাৰ বৰা।

ভূপেন বৰাৰ বিৰুদ্ধে ৮টাকৈ ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ। IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু PDPP আইনত গোচৰ ৰুজু। ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ APCCৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়ত যোৰহাটত ভুল দিশেৰে গতি কৰিছিল কংগ্ৰেছ। যাৰ ফলত যোৰহাটত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতিৰ।

You May Also Like

More From Author