দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস

1 min read

আজি ভাৰতবাসীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস (Republic Day) উদযাপন কৰিছে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন (Flag Hoisting) কৰিব। গণৰাজ্য দিৱস উপলক্ষে পুৱা ১০ বাজি ৩০ মিনিটত দিল্লীৰ কৰ্তব্য পথত পেৰেড আৰম্ভ হ’ব। বিজয় চ’কৰ পৰা কৰ্তব্য পথলৈ প্ৰায় ডেৰ ঘণ্টা এই পেৰেড হ’ব। ৰাষ্ট্ৰপতি মুৰ্মূৱে (President Draupadi Murmu) পেৰেডৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰ ৰাজধানী দিল্লীত গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে (French President Emmanuel Macron) অংশগ্ৰহণ কৰিব। আজি গণৰাজ্য দিৱস উপলক্ষে দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে ৰাষ্ট্ৰপতি মুৰ্মূ আৰু ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক আদৰি আনিব। এইবাৰ ঘোঁৰা গাড়ীৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকী কৰ্তব্য পথলৈ আহিব। ৪০ বছৰৰ পিছত ঘোঁৰা গাড়ীৰে গণৰাজ্য দিৱসৰ অতিথি উদযাপনস্থলীলৈ আহিব। আজিৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী ২১ টা টোপধ্বনিৰে আৰম্ভ হ’ব। লগতে চাৰিখন MI17 হেলকপ্টাৰেৰে পুষ্প বৃষ্টি কৰা হ’ব। উল্লেখ্য যে, প্ৰথমবাৰলৈ গণৰাজ্য দিৱসত মহিলা বেণ্ডে সংগীত পৰিৱেশন কৰিব। ১০০ মহিলাই একেলগে সংগীত পৰিৱেশন কৰিব। জানিব পৰা মতে, ৭৭ হাজাৰ লোক কৰ্তব্য পথত গণৰাজ্য দিৱস উদযাপন কৰাৰ বাবে উপস্থিত থাকিব।

মন কৰিবলগীয়া যে, ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত দিল্লীত ৰাষ্ট্ৰপতিয়ে দুগৰাকী সেনাক পৰমবীৰ চক্ৰ প্ৰদান কৰিব। অৱসৰপ্ৰাপ্ত চুবেদাৰ মেজৰ যোগেন্দ্ৰ সিং যাদৱ আৰু অৱসৰপ্ৰাপ্ত চুবেদাৰ মেজৰ সঞ্জয় কুমাৰক পৰমবীৰ চক্ৰ প্ৰদান কৰা হ’ব। ইয়াৰোপৰিও, অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল চি এ পিঠাৱালা, কৰ্ণেল বি শ্ৰীৰাম কুমাৰ আৰু অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণল যশৰাম সিঙক অশোক চক্ৰ প্ৰদান কৰা হ’ব।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) আজি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাব। তেওঁ দেশবাসীৰ হৈ ছহিদসকলক শ্ৰদ্ধা জনাব। দেশৰ ৰাজধানীৰ লগতে সমগ্ৰ ভাৰততে গণৰাজ্য দিৱস উপলক্ষে পতাকা উন্মোচন কৰা হ’ব। অসমৰ ৰাজ্যপাল গোলাব চান্দ কটাৰিয়াই খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব। গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে।

You May Also Like

More From Author