নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ, কেতিয়া? ক’ত দেখা যাব? সময় কি? জানক বিস্তাৰিতভাৱে

1 min read

নতুন বছৰত অৰ্থাৎ ২০২৪ বৰ্ষত দুটা চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব জনসাধাৰণ। ফাগুণ পূৰ্ণিমাৰ নিশা নতুন বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখা যাব পৃথিৱীৰ পৰা। চন্দ্ৰগ্ৰহণৰ সূতক সময় গ্ৰহণ ৯ ঘণ্টা পূৰ্বে আৰম্ভ হয়। সূৰ্যগ্ৰহণৰ সূতক সময় আৰম্ভ হয় ১২ ঘণ্টা পূৰ্বে।

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, সূতক পৰ্ব আৰম্ভ হ’লেই যিকোনো মন্দিৰৰ দুৱাৰ বন্ধ হৈ যায়। সূতক সময়ত খোৱা-লোৱা, টোপনি বা পূজাৰ দৰে শুভ কাম নিষিদ্ধ। সূতক কালত গৰ্ভৱতী মহিলা, শিশু আৰু বৃদ্ধসকলৰ বিশেষ যতন ল’ব লাগে। তৰুপতিৰ জ্যোতিষী কৃষ্ণকুমাৰ ভাৰ্গৱে জনাইছে নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ সম্পৰ্কে বিস্তাৰিতভাৱে।

গ্ৰহণৰ দিন-ক্ষণ –

আগন্তুক ২৫ মাৰ্চ সোমবাৰে ফাগুণ মাহৰ পূৰ্ণিমা তিথিত বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ। ইয়াৰ পিছত বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হ’ব এপ্ৰিল মাহত।

কিন্তু ভাৰতত দেখা নাযাব বছৰৰ এই প্ৰথম চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব ভাৰতীয় সময় অনুসৰি, পুৱা ১০.২৪ বজাত। গ্ৰহণ শেষ হ’ব বিয়লি ০৩.০১ বজাত। পূৰ্ণগ্ৰাস হ’ব দুপৰীয়া ১২.৪৩ বজাত। গ্ৰহণৰ মুঠ সময় কাল ৪ ঘণ্টা ৩৬ মিনিট।

সূতক কাল –

ভাৰতৰ মাটিৰ পৰা বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ দৃশ্য়মান নহ’ব। সেয়ে ইয়াত সূতক কালো প্ৰযোজ্য নহয়। ফলত ২৫ মাৰ্চ তাৰিখে কোনো বিধিনিষেধ নাথাকে।

ক’ত দেখা যাব চন্দ্ৰগ্ৰহণ –

বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ উত্তৰ আৰু পূব এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰীয়, আটলাণ্টিক, আৰ্কটিক আৰু এণ্টাৰ্কটিকাৰ অধিকাংশ অঞ্চলৰ পৰা দেখা যাব।

ধৰ্মীয় বিশ্বাস :

গ্ৰহণ এক মহাজাগতিক ঘটনা। কিন্তু বহু বছৰ ধৰি মানুহে এই বিষয়টোক লৈ নানা ধৰণৰ ধাৰণা পোষণ কৰিছে। ইয়াৰ অন্যতম হ’ল ধৰ্মীয় বিশ্বাস। আচলতে সূৰ্য, পৃথিৱী, চন্দ্ৰই এডাল সৰল ৰেখাত উপনীত হ’লে গ্ৰহণৰ দৰে মহাজাগতিক ঘটনা ঘটে।

পৌৰাণিক কাহিনী অনুসৰি, সমুদ্ৰ মন্থনত উঠি অহা অমৃতৰ ভাণ্ড লৈ দেৱাসুৰ সংগ্ৰামত মধ্যস্থতা কৰে মোহিনীৰূপী ভগৱান বিষ্ণুৱে। কিন্তুৰ তেওঁৰ চলনা ধৰি পেলায় অসুৰে। চল কৰি দেৱতাৰ ৰূপ লৈ অমৃত পান কৰে। চন্দ্ৰ আৰু সূৰ্যই এই কথা জানিব পাৰি জনালে ভগৱান বিষ্ণুক। তৎক্ষণাত সেই অসুৰৰ ডিঙি সূদৰ্শন চক্ৰৰে কাটি দিয়ে বিষ্ণুৱে। কিন্তু অমৃতৰ ছিন্ন মুণ্ডৰে অসুৰো অমৰ হয়। ৰাহু আৰু কেতু নামে সেই দেহাংশ ঘূৰি ফুৰে অমাৱস্যা আৰু পূৰ্ণিমাত ৰাহুৱে সূৰ্য আৰু চন্দ্ৰক ভক্ষণ কৰিব বিচাৰে। কিন্তু ছিন্ন মস্তকে সেয়া উদৰস্থ কৰিব নোৱাৰে

Disclaimer: এই প্ৰতিবেদনত থকা সকলো তথ্য জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Guwahati Timesএ ইয়াত দিয়া কোনো তথ্য নিশ্চিত কৰা নাই। এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰিব।

You May Also Like

More From Author