ৰাজ্যত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! গুৱাহাটীত কিমান বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য? শেহতীয়া হাৰ জানক

1 min read

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সামান্য হ্ৰাস পাইছে। শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত WTI খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে আৰু প্ৰতি বেৰেলত ৭৩.৮৯ ডলাৰ বিক্ৰী হৈছে। একে সময়তে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭৮.৯৬ ডলাৰ হৈছে।
ইফালে দেশৰ তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেলৰ শেহতীয়া হাৰ মুকলি কৰিছে। ভাৰতত প্ৰতিদিনে পুৱা ৬ বজাত ইন্ধনৰ মূল্য সংশোধন কৰা হয়। কিন্তু ২০১৭ চনৰ জুন মাহৰ আগতে প্ৰতি ১৫ দিনৰ মূৰে মূৰে ইয়াৰ মূল্য পুনৰীক্ষণ কৰা হৈছিল।
দেশৰ মেট্ৰ’ চহৰসমূহত পেট্ৰ’ল-ডিজেল সুলভ হৈছে। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’ল ৯৬.৭২ টকা আৰু ডিজেলত ৮৯.৬২ টকা। মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’ল ১০৬.৩১ টকা আৰু ডিজেলত ৯৪.২৭ টকা। কলকাতাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৬.০৩ টকা আৰু ডিজেলৰ মূল্য ৯২.৭৬ টকা। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ ১০২.৬৩ টকা আৰু ডিজেল ৯৪.২৪ টকাত উপলব্ধ।
কিন্তু গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে। শুকুৰবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ০.১৪ টকা বৃদ্ধি হৈ ৯৮.১৭ টকাত গ্ৰাহকৰ বাবে উপলব্ধ হৈছে। এই মূল্য ১৮ জানুৱাৰীত ৯৮.০৩ টকা আছিল।
ইফালে, ১৯ জানুৱাৰীত গুৱাহাটীত প্ৰতি লিটাৰত ডিজেলৰ মূল্য ০.১৪ টকা বৃদ্ধি হৈছে। গতিকে আজি ডিজেল প্ৰতি লিটাৰত ৯০.৪৭ টকাত গ্ৰাহকৰ বাবে উপলব্ধ হৈছে, যি বৃহস্পতিবাৰে ৯০.৩৩ টকাত বিক্ৰী হৈছিল।
প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ দাম সলনি কৰি নতুন ৰেট মুকলি কৰা হয়। পেট্ৰ’ল-ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিচন, ভেট আদি কৰ যোগ কৰাৰ পিছত ইয়াৰ মূল্য মূল মূল্যতকৈ প্ৰায় দুগুণ হয়। এই কাৰণেই ৰাইজে অধিক দামত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিব লগা হয়।
আপুনি SMSৰ জৰিয়তেও আপোনাৰ চহৰত পেট্ৰ’ল-ডিজেলৰ দৈনিক ৰেট জানিব পাৰিব। ইণ্ডিয়ান অইলৰ গ্ৰাহকে ৯২২৪৯৯২২৪৯ নম্বৰত RSP আৰু তেওঁলোকৰ চিটি ক’ড টাইপ কৰি এই তথ্য লাভ কৰিব পাৰিব। আনহাতে, BPCLৰ গ্ৰাহকে RSP আৰু তেওঁলোকৰ চিটি কোড টাইপ কৰি ৯২২৩১১২২২২ নম্বৰত SMS প্ৰেৰণ কৰি পেট্ৰ’ল-ডিজেলৰ ৰেট জানিব পাৰিব। একে সময়তে HPCLৰ গ্ৰাহকে HPPrice আৰু তেওঁলোকৰ চিটি ক’ড টাইপ কৰি ৯২২২২০১১২২ নম্বৰত SMS পঠিয়াই পেট্ৰ’ল-ডিজেলৰ মূল্য জানিব পাৰিব।

You May Also Like

More From Author