অৱশেষত মুকলি আকাশৰ তলত বীৰ লাচিত সেনাৰ ৬ সদস্য; বিহাৰী সম্প্ৰদায়ৰ এজন লোকক প্ৰহাৰৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল আটাইকে

1 min read

শনিবাৰে পুৱা বীৰ লাচিত সেনাৰ নেতাসকলক জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিয়ে। ২৬ জানুৱাৰী, শুকুৰবাৰে নিশা এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাৰ লগতে আন ৫ গৰাকী সতীৰ্থ ক্ৰমে তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকাক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে, কামাখ্যা মন্দিৰৰ পাৰ্কিং পৰিচালনাৰ দায়িত্বত থকা এজন বিহাৰী সম্প্ৰদায়ৰ কৰ্মচাৰীক বীৰ লাচিত সেনাৰ ৬ সদস্যই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল বুলি অভিযোগ উত্থাপন হয়। এই ঘটনাৰ পিছতেই কামাখ্যা মন্দিৰৰ পাৰ্কিং পৰিচালনা সমিতিৰ তৰফৰ পৰা জালুকবাৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল। 143/447/342/325/506 IPC ধাৰাত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ৬ জন বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল।

জানিব পৰা মতে, কামাখ্যা মন্দিৰৰ সন্মুখত মতিউৰ ৰহমান নামৰ এজন খিলঞ্জীয়া মুছলমান যুৱকে গাড়ী ৰাখিছিল। সেই সময়তে পাৰ্কিঙৰ দায়িত্বত থকা কেইজনমান কৰ্মচাৰীয়ে মতিউৰক প্ৰহাৰ কৰিছিল। সেই কথা বীৰ লাচিত সেনাক অৱগত কৰাৰ পিছতে কামাখ্যা মন্দিৰত বীৰ লাচিত সেনাৰ এটা দল উপস্থিত হৈছিল। লগে লগে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

ইফালে বাৰম্বাৰ বীৰ লাচিত সেনাই কিয় বিতৰ্কত সোমায় বুলি সাংবাদিকে কৰা প্ৰশ্নত বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাই কয় যে, ‘‘অসমীয়া জাতিৰ বাবে বীৰ লাচিত সেনাই বিতৰ্কত সোমায়।’’ উক্ত ঘটনা সন্দৰ্ভত বিকাশে কয় যে, ‘‘প্ৰথমতে বীৰ লাচিত সেনাৰ অসমীয়া ল’ৰাক বিহাৰী সম্প্ৰদায়ৰ ৪-৫ জন ব্যক্তিয়ে গুৰুলা-গুৰুলকৈ মাৰিছিল। যিহেতু সেই সময়ত আমাৰ ল’ৰাখিনি তাত আছিল। আমাৰ অসমীয়া ল’ৰাৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে সেই সময়ত বীৰ লাচিত সেনাৰ লগতে খিলঞ্জীয়া স্থায়ী ব্যক্তিসকলো তাত উপস্থিত আছিল আৰু তাত কিছু হতাহতি হৈছিল।’’ অসমীয়াৰ ওপৰত কোনো বহিৰাগত ব্যক্তিয়ে তথা দুষ্কৃতিকাৰীয়ে অত্যাচাৰ চলালে বীৰ লাচিত সেনাই হাত সাৱটি বহি নাথাকে বুলি বিকাশে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘‘অসমীয়াৰ কাৰণে সদায় আছিলো, আছো আৰু থাকিম।’’

You May Also Like

More From Author