আপোনাৰ আজিৰ দিনটো কেনে যাব, চাওক ৪ জানুৱাৰীৰ ৰাশিফল

1 min read

মেষ ৰাশি : শ্ৰীগণেশে কৈছে, এই ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া ফলপ্ৰসূ হ’ব। পৰিয়ালৰ কিছুমান দায়িত্ব বুজাৰ লগতে সময়মতে সেয়া সম্পূৰ্ণ কৰা প্ৰয়োজন। সন্তানৰ পৰা হতাশাজনক খবৰ আহিব পাৰে। কৰ্মক্ষেত্ৰত কনিষ্ঠসকলৰ পৰা কাম পাবলৈ সৰু-সুৰা ভুলবোৰ ক্ষমা কৰিব লাগিব। যদি আপুনি কাৰোবাৰ পৰা ধাৰ ল’ব বিচাৰে সহজে পাব। বিপজ্জনক কামলৈ যোৱাৰ আগতে দহবাৰ চিন্তা কৰক। শুভ ৰং: মেজেণ্টা, শুভ সংখ্যা: ১২।

বৃষ ৰাশি : শ্ৰীগণেশে কৈছে, বৃষ ৰাষিৰ জাতক-জাতিকাৰ বাবে উৎসাহপূৰ্ণ দিন হ’ব। দক্ষতাৰ সৈতে সকলো কাম সম্পন্ন হ’ব। অংশীদাৰিত্বৰ কামত ভাল ধন উপাৰ্জনৰ যোগ। মানুহৰ মৰম লাভ কৰিব। সামাজিক কামত ধন বিনিয়োগৰ কথা ভাবিলে হতাশ হ’ব লাগিব। কৰ্মক্ষেত্ৰত এটাৰ পিছত আন এটা লাভজনক সুযোগ আহিব। অংশদাৰিত্বৰ ব্যৱহসায়ত ইচ্ছা অনুসাৰে লাভ পাব। বিদেশত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ পা সুখবৰ পাব পাৰে। শুভ ৰং : হালধীয়া, শুভ সংখ্যা ৮।

মিথুন ৰাশি : শ্ৰীগণেশে কৈছে, মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে এই দিনটো বিশেষ হ’ব। শিক্ষাৰ্থীসকলে পৰীক্ষাত ভাল ফলাফল কৰিব, মনত কোনো ভয়-সংকোচ নাথাকে। টকা-পইচা সংক্ৰান্তীয় কোনো সমস্যা দীৰ্ঘদিন ধৰি চলি থাকিলে সেয়া সমাধান হ’ব। কিবা কথাক লৈ উদ্বেগ থাকিলে পৰিয়ালৰ সকলোৰে সৈতে শ্বেয়াৰ কৰা উচিত। তেতিয়াহে সমাধান হ’ব। সন্তানক নতুন ব্যৱসায়ৰ সৈতে পৰিচয় কৰাই দিয়াৰ সম্ভাৱনা। সম্পত্তি কিনাৰ ইচ্ছা থাকিলে সেয়া পূৰণ হ’ব। মাতৃৰ পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ ৰং : গুলপীয়া, শুভ সংখ্যা : ১।
04

কৰ্কট ৰাশি : শ্ৰীগণেশে কৈছে, কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ। কোনো সমস্যা চলিলে তাত জয়ী হোৱাৰ সম্ভাৱনা। চাকৰিত কনিষ্ঠসকলৰ পৰা প্ৰতাৰিত হ’ব। কাৰো পৰা টকা ধাৰ কৰিলে সেয়া পৰিশোধ কৰা কঠিন হ’ব। ভৱিষ্যতৰ কথা চিন্তা কৰি কোনো চুক্তি চূড়ান্ত কৰা উচিত, নহ’লে ডাঙৰ ক্ষতি হ’ব পাৰে। প্ৰিয় বন্ধুৰ সৈতে কাজিয়াৰ সম্ভাৱনা। শহুৰৰ ঘৰৰ সৈতে বিবাদ দূৰ কৰিবলৈ পত্নীক লৈ যাব পাৰে। শুভ ৰং : নীলা, শুভ সংখ্যা : ১১।

সিংহ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো সমস্যাৰে পৰিপূৰ্ণ হ’ব। কিন্তু বেয়া লাগিলে নহ’ব। অন্যথা আনৰ ওপৰত খং উঠাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ পৰা সহায় পাব। দুপৰীয়া খোৱাৰ সময়ত ব্যৱসায়ৰ নতুন পৰিকল্পনাক লৈ আলোচনা হ’ব পাৰে। কামৰ বাবে অলপ দূৰত্বৰ যাত্ৰা হ’ব পাৰে। চাকৰিজীৱীসকলৰ এই দিনটো ভালদৰে পাৰ হ’ব, পছন্দৰ কোনো কামৰ দায়িত্ব দিয়া হ’ব পাৰে। শুভ ৰং : ক’লা, শুভ সংখ্যা : ৭।

কন্যা ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো ব্যয়বহুল হ’ব। যাৰ ফলত চিন্তা বাঢ়িব পাৰে। পত্নীৰ সহায়ত কোনো সম্পত্তিৰ মালিকানা লাভৰ সম্ভাৱনা। ঈশ্বৰৰ কৃপাত কন্যা ৰাশিৰ জাতক-জাতিকাৰ বেছিভাগ কাম সুকলমে সম্পন্ন হ’ব, কিন্তু পৰিয়ালৰ কাৰোবাৰ সৈতে বিবাদ থাকিলে সেয়া দূৰ কৰা উচিত। গুৰুত্বপূৰ্ণ ঘৰুৱা কামো ভালদৰে সমাধান হ’ব। কিন্তু ক্ৰমবৰ্ধমান ব্যয়ৰ বাবে কিছু মানসিক চাপ থাকিব। উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ’ব, কিন্তু অৰ্থ সংক্ৰান্তীয় সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং : সেউজীয়া, শুভ সংখ্যা : ২।

তুলা ৰাশি : শ্ৰীগণেশে কৈছে, তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে স্বাভাৱিক দিন। জীৱনসংগীয়ে খং কৰিব পাৰে। তেওঁৰ কিছুমান ভুল মানি লোৱাই ভাল। পাৰিবাৰিক ব্যৱসায়ত আন কাৰোবাৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে ভাল সুযোগ আহিব। চৰকাৰী কিছুমান নিয়মৰ বাবে ব্যৱসায়ীসকল সমস্যাত পৰিব। অবিবাহিতসকলৰ বিয়াৰ যোগ। ৰাজনীতিত জড়িত ব্যক্তিসকলে নতুন পদ লাভ কৰিব পাৰে। শুভ ৰং : মেৰুন, শুভ সংখ্যা : ১০।

বৃশ্চিক ৰাশি : শ্ৰীগণেশে কৈছে, এনে স্থানৰ পৰা টকা আহিব, যিটো আশাও কৰা নাছিল। পুৰণি বন্ধুৰ সৈতে দেখা হ’ব, মন ভালে থাকিব। পিতৃ-মাতৃক লৈ তীৰ্থভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা। ব্যৱসায়ীসকলে নতুন প্ৰকল্পত কাম কৰি বহু কথা শিকিব। কিন্তু ব্যৱসায় ধীৰগতিত চলাৰ বাবে পৰিয়ালৰ ডাঙৰৰ পৰামৰ্শ লোৱা উচিত। ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত কিছু সমস্যা হ’ব পাৰে। শুভ ৰং : ধূসৰ, শুভ সংখ্যা : ৬

ধনিু ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো ধনু ৰাশিৰ জাতক-জাতিকাৰ বাবে ইতিবাচক ফলদায়ক হ’ব। বেংকিং ছেক্টৰৰ সৈতে জড়িত ব্যক্তিসকলে সুবিধা পাব পাৰে, কিন্তু অসমাপ্ত কাম শেষ কৰিব লাগিব। নহ’লে সেইবোৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। সুসংবাদ লাভ কৰিব, যাৰ বাবে মন সন্তুষ্ট হ’ব। সম্পত্তি কিনাৰ পূৰ্বে দৰ-দাম কৰিব পাৰিলে লাভ হ’ব। মানসিক সমস্যা থাকিলে তাৰ পৰাও মুক্তি পাব। শুভ ৰং : বেঙুনীয়া, শুভ সংখ্যা : ৩।

মকৰ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটোত মকৰ ৰাশিৰ জাতক-জাতিকাসকল আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। যুৱক-যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় নতুন তথ্য পাব, ভাল চাকৰিৰ পাব পাৰে। ব্যস্ততাৰ মাজতে পৰিয়ালৰ সৈতে কটোৱাৰ বাবে কিছু সময় উলিওৱা উচিত, ইয়াৰ ফলত তিক্ততাৰ অৱসান হ’ব। অপ্ৰয়োজনীয় সমস্যা নিয়ন্ত্ৰণ কৰা উচিত, নহ’লে সেইবোৰে মূৰৰ কামৰোণি হৈ পৰিব। পত্নীক লৈ ক’ৰবালৈ ওলাই যাব পাৰে। শুভ ৰং : সোণালী, শুভ সংখ্যা : ৫।

কুম্ভ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো লাভদায়ক হ’ব। দীৰ্ঘদিন ধৰি চেষ্টা কৰি থকা কামত জয়লাভৰ সম্ভাৱনা। কাৰোবাৰ ওপৰত খং থাকিলেও কটু কথা কোৱা উচিত নহয়, ইয়াৰ ফলত ওলোটা ফল হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব, পদোন্নতিও হ’ব পাৰে। আয় বৃদ্ধিৰ ভাল সুযোগ আহিব, যাৰ পৰা মোটা অংকৰ মুনাফা লাভৰ সম্ভাৱনা। লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। শুভ ৰং : বাদামী, শুভ সংখ্যা : ৯।

মীন ৰাশি : শ্ৰীগণেশে কৈছে, মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে উপকাৰী প্ৰমাণিত হ’ব। ভাতৃ-ভগ্নীৰ পৰা সমৰ্থন পাব, বন্ধুৰ সৈতে মতভেদ থাকিব। পত্নীৰ সৈতে দৈনন্দিন সামগ্ৰী কিনা হ’ব পাৰে। কাৰোবাক অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়। ছাত্ৰসকলে পৰিশ্ৰম অনুসৰি সফলতা অৰ্জন কৰিব। সন্তানে কাৰ সৈতে মিলাপ্ৰীতি কৰিছে তাৰ প্ৰতি নজৰ ৰখা উচিত। অন্যথা ভুল কামত জড়িত হ’ব পাৰে। শুভ ৰং : বগা, শুভ সংখ্যা : ৪।

You May Also Like

More From Author