শোৱনি কোঠাত পৰি মৃত্যু নে পৰিকল্পিত হত্যা সুন্দৰী মুনমুনৰ? কোন কোন হাইপ্ৰ’ফাইল ব্যক্তিৰে আহ-যাহ আছিল মুনমুনৰ?

0 min read

নুনমাটিৰ চাঞ্চল্যকৰ মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ক্লু বিচাৰি আৰম্ভ কৰিছে তদন্ত। গুৱাহাটী মহানগৰ আয়ুক্তালয়ৰ মধ্য জিলাৰ ডিচিপি অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৃত মুনমুন বেগমৰ নুনমাটিৰ নিজৰাপাৰস্থিত বাসগৃহত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ দলটোৱে ঘৰটোৰ তন্নতন্নকৈ তালাচী চলায়। আৰক্ষীয়ে ঘৰটোৰ পৰা চিচিটিভিৰ ফুটেজৰ লগতে মৃত মহিলাগৰাকীৰ ম’বাইল ফোনটো জব্দ কৰে। মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু ঘটনাটো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে।

মৃত মুনমুন বেগমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে তেওঁৰ শৰীৰৰ অংগৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ ঘৰৰ ফুটেজ আৰু মবাইল ফোন লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে মহিলাগৰাকীৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিব৷

উল্লেখযোগ্য যে, মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো অঞ্চলটোৰ ৰাইজে সহজভাৱে লব পৰা নাই। ইছলাম ধৰ্ম পালন কৰা মুনমুন বেগমৰ মৃতদেহটো কৰব কৰাৰ বিপৰীতে জ্যেষ্ঠ পুত্ৰ বৰুন চৌহানে মৃতদেহটো শ্মশানলৈ নি সৎকাৰ কৰাতো ৰাইজে সহজভাৱে লব পৰা নাই। ইপিনে মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে জেষ্ঠ পুত্ৰ বৰুন চৌহান আৰু কনিষ্ঠ পুত্ৰক আটক কৰি সোধপোছৰ বাবে আটক কৰি থানালৈ আনে।

মৃত মুনমুন বেগমৰ লগত হাইপ্ৰফাইল লোকৰ মধুৰ সম্পৰ্ক আছিল বুলি অভিযোগ উত্থাপন হৈছে। এতিয়া সমগ্ৰ ঘটনাটো নুনমাটি আৰক্ষীয়ে তদন্ত কৰি ঘটনাটো হত্যা নে দুৰ্ঘটনা সেয়া ওলাব পাৰে নে নাই ৰাইজে আৰক্ষীৰ ওপৰত দৃষ্টি নিবন্ধ ৰাখিছে৷ পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতহে ওলাই পৰিব প্ৰকৃততে ঘটনাটো কি?

উল্লেখযোগ্য যে, বুধবাৰে পুৱতি নিশা ৰহস্যজনকভাৱে নিজৰ শুৱনি কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল মুনমুন বেগমৰ মৃতদেহ। মহিলাগৰাকীৰ পুত্ৰই মাতৃৰ ৰক্তাক্ত দেহ পৰি থকা অৱস্থাত দেখা পাই লগে লগে নুনমাটি আৰক্ষী থানাত খবৰ দিয়ে। লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক।

উল্লেখযোগ্য যে, বিগত ২০০৫ বৰ্ষত মহিলাগৰাকীৰ স্বামী মতলেব আলীক বামুণীমৈদাম বজাৰত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছিল। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০০৪ চনত বামুণীমৈদাম ৰে’লৱে কলনী বজাৰত মতলেব আলীৰ একমাত্ৰ ভাতৃ মুন্না আলীকো মাছৰ দাৰে ঘপিয়াই হত্যা কৰিছিল। তাৰপিছত, ২০০৬ চনত মতলেব আলীৰ ঘৰত বনকৰা যুৱক স্বপ্নন দাসক বামুণীমৈদাম বজাৰত হত্যা কৰিছিল। এই হত্যাকাণ্ডসমূহৰ চাঞ্চল্য মাৰ নৌযাওতে ২০০৭ চনত মতলেবৰ পিতৃ মোহববত আলীকো কোনো দুৰ্বৃত্তই হত্যা কৰি ভৰলুমুখৰ শান্তিপূৰৰ ৰে’ল লাইনত পেলাই থৈছিল। মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱর্তত সোমাই পৰিছে। ইপিনে মৃত মুনমুন বেগমে নিজ স্বামী মতলেব আলীৰ মৃত্যুৰ পিছত দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল যদিও দ্বিতীয় স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ হৈছিল।

You May Also Like

More From Author