১ জানুৱাৰীৰ ৰাশিফল, চাওক নতুন বছৰৰ প্ৰথমটো দিন আপোনাৰ কেনে যাব

1 min read

মেষ ৰাশি :

শ্ৰীগণেশে কৈছে, এই দিনটোৱে ইতিবাচক ফল লৈ আনিব। পত্নীৰ সৈতে ভৱিষ্যৎ পৰিকল্পনা কৰিব পাৰে। মামাৰ ঘৰৰ সৈতে কোনো বিবাদ মীমাংসাৰ বাবে মাতৃক লৈ যাবলগীয়া হ’ পাৰে, তাৰ পৰা আর্থিক সুবিধা পোৱাৰ সম্ভাৱনা। টকা ধাৰলৈ দিয়াৰ বাবে ভাল সময় নহয়। কথা-বাৰ্তাত মধুৰতা বজাই ৰখা প্ৰয়োজন। নহ’লে বিতৰ্ক হ’ব পাৰে। যাৰ ফলত চিন্তা বাঢ়িব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ শুনাৰ সম্ভাৱনা আছে।

শুভ ৰং : ক’লা
শুভ সংখ্যা : ১

বৃষ ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়ে মিশ্ৰিত ফলাফল দিব। আৰ্থিক অৱস্থা শক্তিশালী হ’ব, মনত আনন্দ থাকিব। পত্নীক লৈ কোনো সামগ্ৰী কিনিবলৈ যাবলগীয়া হ’ব পাৰে। সন্তানৰ শিক্ষাক লৈ যি সমস্যা আছে, সেয়া পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰা উচিত। ব্যৱসায়ত হঠাৎ আৰ্থিক লাভৰ বাবে মন ভাল হ’ব। কিন্তু আইনী জটিলতাই সমস্যাত পেলাব পাৰে। এই সমস্যা দূৰ কৰিবলৈ কোনো প্ৰভাৱশালী ব্যক্তিৰ ওচৰলৈ যাবলগীয়া হ’ব পাৰে।

শুভ ৰং : মেৰুন
শুভ সংখ্যা : ৪

মিথুন ৰাশি :

শ্ৰীগণেশে কৈছে, ৰাজনৈতিক ব্যক্তিসকলৰ বাবে ভাল দিন, নতুন পদ লাভ কৰিব পাৰে। ঋণ পৰিশোধ কৰি স্বস্তি লাভ কৰিব। ব্যৱসায়ৰ বাবে ক’ৰবালৈ যাব পাৰে। পত্নীৰ পৰা ছাৰপ্ৰাইজ পাব পাৰে। সন্তানক ভাল প্ৰতিষ্ঠানত ভৰ্তি কৰোৱাত সফল হ’ব। চাকৰিজীৱী লোকসকলে তেওঁলোকৰ চাৰিওফালে থকা শত্ৰুৰ পৰা সতৰ্ক থাকিব লাগিব, কাৰণ এওঁলোকে গুজব বিয়পাব পাৰে।

শুভ ৰং : ধূসৰ
শুভ সংখ্যা : ২

কৰ্কট ৰাশি :

শ্ৰীগণেশে কৈছে, সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। ইয়াৰ সৈতে বৰ্ধিত ব্যয়ৰ কাৰণে বাঢ়িব চিন্তাও। বহুদিন পিছত বন্ধুৰ সৈতে দেখা হ’লে ভাল ব্যৱহাৰ কৰা উচিত, পুৰণি বস্তু টানিলে তিক্ততা বাঢ়িব। সমস্যা থাকিলে পিতৃৰ সৈতে শ্বেয়াৰ কৰা উচিত। প্ৰেমত সংগীক বিয়াৰ প্ৰস্তাৱ দিয়াৰ এয়া আদৰ্শ সময়। নতুন সম্পত্তি অৰ্জনৰ ইচ্ছাও পূৰণ হ’ব।

শুভ ৰং : সোণালী
শুভ সংখ্যা : ৫

সিংহ ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়খিনি আনন্দত পাৰ হ’ব। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাে। সকলো সদস্য মিলিত হ’ব। অফিচ কামত বিদেশ ভ্ৰমণলৈ যাব পাৰে। সদ্য বিবাহিতসকলৰ জীৱনত আনৰ হস্তক্ষেপ হ’ব পাৰে, যাৰ বাবে নিজৰ মাজত বিতৰ্কৰ পৰিস্থিতি সৃষ্টি হ’ব। কাকো অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়। প্ৰতাৰণা কৰিব পাৰে। যিসকলে চাকৰি বিচাৰিছে, তেওঁলোকে সুখবৰ পাব পাৰে।

শুভ ৰং : বগা
শুভ সংখ্যা : ৮

কন্যা ৰাশি:

শ্ৰীগণেশে কৈছে, এই দিনটোত সকলোতে সফলতা লাভ কৰিব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ বাবে তেওঁলোকৰ শিক্ষকৰ সৈতে কথা পতা উচিত। খাদ্যাভাসৰ দিশত নজৰ দিয়া উচিত, অন্যথা পেটৰ সমস্যা, গেছ, বদহজম ইত্যাদি সমস্যাত ভোগাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ব্যৱসায়ৰ পৰা প্ৰচূৰ লাভ হ’ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে।

শুভ ৰং : বেঙুনীয়া
শুভ সংখ্যা : ১১

তুলা ৰাশি :

শ্ৰীগণেশে কৈষে এই দিনটো সমস্যাপূৰ্ণ হ’ব। মনত দুশ্চিন্তা থাকিব। কাম কৰিবলৈ ভাল নালাগিব। বন্ধুৰ স্বাস্থ্যক লৈ দুশ্চিন্তা হ’ব পাৰে। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য ৰাখিব লাগিব। নহ’লে শত্ৰুৱে সুযোগ ল’ব পাৰে। গুৰুজনাৰ পৰা সন্মান পোৱাৰ ফলত মনত আনন্দ লাভ কৰিব। জন্মদিনত পৰিয়ালৰ সদস্যসকলক লৈ ছাৰপ্ৰাইজ পাৰ্টীৰ আয়োজনৰ সম্ভাৱনা আছে।

শুভ ৰং : বাদামী
শুভ সংখ্যা : ৬

বৃশ্চিক ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়ত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আত্মবিশ্বাস তুংগত থাকিব। সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলে কামৰ প্ৰশংসা লাভ কৰিব। সন্মান বাঢ়িব। বন্ধু সৈতে নতুন কোনো উদ্যোগত যোগদানৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ বাধা দূৰ হ’ব। শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত আগ্ৰহ বাঢ়িব। পৰীক্ষাত সফলতা লাভ কৰিব।

শুভ ৰং : সেউজীয়া
শুভ সংখ্যা : ১২

ধনু ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়খিনি অত্যন্ত ফলদায়ক হ’ব। দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হ’ব। আইনী জয় হ’ব, যিয়ে আত্মবিশ্বাস বৃদ্ধি কৰিব। তীৰ্থস্থানলৈ যোৱাৰ সম্ভাৱনা আছে। পিতৃ-মাতৃক তীৰ্থস্থানলৈ নিয়া উচিত। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে সংগীৰ সৈতে ক’ৰবালৈ যাব পাৰে। চাকৰি কৰা লোকসকলে নিজৰ পছন্দ অনুসৰি কামৰ সুযোগ পাব।

শুভ ৰং : নীলা
শুভ সংখ্যা : ৭

মকৰ ৰাশি:

শ্ৰীগণেশে কৈছে, প্ৰতিকূল পৰিস্থিতিতো বন্ধুৰ সমৰ্থন লাভ কৰিব। ইয়াৰ ফলত বন্ধুৰ প্ৰতি আস্থা বাঢ়িব। পুৱা কোনো সুসংবাদ আহিব পাৰে। নতুন ব্যৱসায় লাভজনক হ’ব পাৰে। পত্নীৰ শাৰীৰিক সমস্যা হ’ব পাৰে, সতৰ্ক থাকিব লাগিব। চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। গাড়ী চলাই ক’ৰবালৈ গ’লে সতৰ্ক হওক।

শুভ ৰং : হালধীয়া
শুভ সংখ্যা : ৯

কুম্ভ ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়খিনি মধ্যম ফলদায়ক হ’ব। যিসকলে প্ৰেমৰ সম্পৰ্কত আথে, তেওঁলোকে সংগীৰ পৰা উপহাৰ পাব পাৰে। উৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কথা কোৱাৰ সময়ত চাকৰিজীৱী লোকসকলে নম্ৰতা বজাই ৰখা প্ৰয়োজন। নহ’লে তেওঁলোকে খং কৰিব পাৰে। নতুন কাম আৰম্ৱ কৰিব বিচাৰিলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত। অন্যথা ক্ষতি হ’ব পাৰে। ব্যৱসায়ত প্ৰত্যাশাৰ তুলনাত লাভ অধিক হ’ব।

শুভ ৰং : কমলা
শুভ সংখ্যা : ৩

মীন ৰাশি :

শ্ৰীগণেশে কৈছে, এই দিনটো দৌৰাদৌৰিৰে পাৰ হ’ব। কিন্তু ইয়াৰ ফলত কোনো কাম নহ’ব। চিন্তাও বাঢ়িব। বহুজনৰ সৈতে দেখা কৰিবলৈ বিভিন্ন স্থানলৈ যাবলগীয়া হ’ব পাৰে, কিন্তু তেওঁলোকক লগ নাপাব। নতুন ব্যৱসায় আৰম্ভ কৰিলে পিতৃ-মাতৃৰ আশিৰ্বাদ লোৱা উচিত। ফলত সুফল লাভ কৰিব। পত্নীৰ সৈতে সৰু-সুৰা বিবাদ হ’ব পাৰে। নতুন চাকৰিৰ অফাৰ আহিব পাৰে। কিন্তু পুৰণি চাকৰিয়ে অধিক লাভজনক।

শুভ ৰং : ৰঙা
শুভ সংখ্যা : ১০

You May Also Like

More From Author