আপোনাৰ দাঁত কেনেকৈ সুস্থ কৰি ৰাখিব?

1 min read

আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে দাঁত। যদি আমি নিয়মীয়াকৈ অতি মিঠা, ঠাণ্ডা বা চ’ডা সমৃদ্ধ বস্তু সেৱন কৰো, তেন্তে ইয়াৰ প্ৰভাৱ আমাৰ দাঁতত পৰে। আমাৰ দাঁত সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে জানো আহকচোন-

১/ সদায় আন্তঃদন্ত পৰিষ্কাৰ কৰিব লাগে। আমি এনেকুৱা কিবা এটা খাওঁ য’ত খাদ্যৰ আঁহবোৰ আমাৰ দুটা দাঁতৰ মাজত আৱদ্ধ হৈ পৰে, ইয়াক পৰিষ্কাৰ কৰাটো সহজ নহয়, তেতিয়া ই পচিবলৈ আৰম্ভ কৰে। তাৰপৰাই দাঁতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

২/ প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে। ৰাতিপুৱা শুই উঠি আমি প্ৰথমেইদাঁত ব্ৰাচ কৰো কিয়নো ই আমাক সতেজতাৰ অনুভৱ দিয়াৰ লগতে দাঁত সম্পূৰ্ণ পৰিষ্কাৰ কৰি তুলে। আনহাতে আমি ৰাতি শুৱা আগত ব্ৰাচ কৰিব লাগে। কিয়নো ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত যদি খাদ্য আমাৰ দাঁতত আৱদ্ধ হৈ পৰে আৰু তাৰ পিছত দাঁত পোকে খাবলৈ আৰম্ভ কৰে। সেইবাবে দাঁত সুস্থ ৰাখিবলৈ আমি দিনটোত ২ বাৰ ব্ৰাছ কৰিব লাগে।

৩/ প্ৰতিদিনে মুখ পৰিষ্কাৰ কৰিব লাগে। আমি কেৱল দাঁত পৰিষ্কাৰ কৰিলেই নহ’ব, মুখৰ সম্পূৰ্ণ যত্ন লোৱাটোও প্ৰয়োজনীয়। সেইবাবেই সদায় মুখ আৰু জিভা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে। মুখ আৰু দাঁত পৰিস্কাৰ হৈ থাকিলে দাঁত পোকে খোৱাৰ আশংকাও হ্রাস পায়৷

You May Also Like

More From Author