পেট ভালে ৰাখিবলৈ কি কৰিব জানো আহক

1 min read

সুস্থ দেহেহে সুস্থ মনৰ সৃষ্টি কৰে। ব্যক্তিসকল নিজে সুস্থ হৈ থাকিলেহে সুস্থ মনেৰে সকলো কাম কৰিব পাৰে।

দৈনন্দিন জীৱনত বিভিন্ন কাৰণত ব্যক্তিত খোৱা-বোৱা সঠিক নোহোৱাৰ বাবে বিভিন্ন সমস্যাই দেখা দিয়ে। বিভিন্ন ৰোগ যেনে কোষ্ঠকাঠিন্যতা, বদহজম, পেটৰ বিষ আদি হোৱা দেখা যায়। আমি পেট ভালে ৰাখিবলৈ কি কৰিব লাগে জানো আহক-

১/ ব্যক্তিয়ে আহাৰ গ্ৰহণ কৰি থাকোতে পানী খাব নালাগে। অন্যথা পানী খোৱাৰ ফলত বদহজম হোৱাৰ সম্ভাৱনা থাকে।

২/ আহাৰ গ্ৰহণ কৰাৰ আগতে চাবোনেৰে দুয়োখন হাত ধুই লব লাগে। ব্যক্তিসকলে খাই উঠিয়েই শুই দিয়ে কিন্তু এই ভূল কেতিয়াও নকৰিব। অতি কমেও খাদ্য গ্ৰহণ কৰাৰ ১ ঘন্টাৰ পিছতহে শুব লাগে।

৩/ পৰাপক্ষত সকলোৱে মছলাজাতীয় খাদ্যৰ পৰা বিৰত থাকিব লাগে। খাদ্যত অধিক তেল, মচলা দিব নালাগে।

৪/ সদায় খোৱাৰ টেবুলত বা মজিয়াত আহাৰ গ্ৰহণ কৰিব। টিভি চাই অথবা বিছনাত আহাৰ গ্ৰহণ কৰাটো অনুচিত। আহাৰ খৰকৈ খাব নালাগে , ভালদৰে চোবাই আহাৰ গ্ৰহণ কৰিব লাগে।

৫/ প্ৰত্যেক দিনাই সামান্য পৰিমানে হ’লেও কেঁচা খাদ্য খাবলৈ যত্ন কৰিব লাগে। অত্যাধিক সেউজীয়া শাক-পাচলি, ফলমূল প্ৰতিদিনে আহাৰত থকাটো অতি গুৰুত্বপূৰ্ণ।

৬/ আহাৰ মনোযোগেৰে গ্ৰহণ কৰিব লাগে। আহাৰ গ্ৰহণ কৰোতে কিবা কথা চিন্তা কৰি বা অন্য কিবা ভাবি কৰিব নালাগে। খোৱা খাদ্যত মন দিব লাগে।

You May Also Like

More From Author