হজম শক্তি বৃদ্ধি কৰিবলৈ কি কি কৰিব

1 min read

প্ৰত্যেক ব্যক্তিৰে সুস্থ স্বাস্থ্যৰ বাবে হজম শক্তি ভাল হোৱাটো নিতান্তই প্ৰয়োজন। আমি খোৱা খাদ্যবোৰ সময় মতে হজম নহলে বিভিন্ন ধৰণৰ শৰীৰে পুষ্টিকৰ উপাদানবোৰ গ্ৰহণ কৰিব নোৱাৰে। বদহজমে আমাৰ শৰীৰত বহুতো বেয়া প্ৰভাৱ পেলায়। খাদ্য হজম নোহোৱাৰ ফলত পেট ফুলা, বমি হোৱা, পেটৰ বিষ আদি বেমাৰ হোৱা দেখা যায়।

আমি খোৱা খাদ্যবোৰ হজম কৰিবৰ বাবে কি কি কৰা উচিত জানো আহক-

১/ আমি খোৱা খাদ্যসমূহ ভালকৈ চোবাই খাব লাগে। খাদ্যসমূহ চোবাই মিহি হলেহে সোনকালে হজম হোৱাত সহায় হয়। গতিকে খোৱাবস্তুসমূহ ভালকৈ সময় লৈ চোৱাই খোৱা উচিত।

২/ খাদ্য খাই উঠিয়ে কেতিয়াও শুব নালাগে। আহাৰ গ্ৰহণ কৰাৰ প্ৰায় দুই ঘন্টামান পাছতহে শুব লাগে। লগতে ব্যক্তিয়ে সদায় বাওঁফালে কাটি কৰি শুব লাগে। তেতিয়া হজম ভাল হয়।

৩/ আহাৰ গ্ৰহণ কৰা পাছত কিছু সময় লাহে লাহে খেজ কাঢ়িব লাগে। লাহে লাহে ১০-১৫মিনিট সময় খোজ কাঢ়িলে সোনকালে হজম হয়।

৪/ আহাৰ গ্ৰহণ কৰাৰ ঠিক লগে লগে ফল-মূল খাব নালাগে। ফল-মূল খোৱাৰ ফলত পেট উফন্দি উঠা সমস্যাই দেখা দিব পাৰে আৰু তেতিয়া হজম শক্তিত ব্যাঘাট জন্মে।

৫/ ব্যক্তিয়ে আহাৰ গ্ৰহণ কৰাৰ পাচত কেতিয়াও গা ধুব নালাগে। সদায় গা ধুই পৰিস্কাৰ হৈ আহাৰ গ্ৰহণ কৰিব লাগে।

৬/ আহাৰ গ্ৰহণ কৰাৰ পাচত দৈ খাব লাগে। দৈত প্ৰবায়োটিকছ থাকে। যি আমাৰ স্বাস্থ্যৰ বাবে আৱশ্যক হয়। প্ৰবায়োটিকছ জীৱানুৱে আমাৰ পাচন যন্ত্ৰত থাকি হজমত সহায় কৰে।

You May Also Like

More From Author