হিম’গ্লবিন শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উপাদান। এই উপাদানৰ কাৰণেই তেজৰ ৰং ৰঙা হয়। বিশ্বত বহু লোকে হিম’গ্লবিনৰ অভাৱত ৰক্তহীনতাত ভোগে। কিন্তু কিছুমান খাদ্য নিয়মিত ভাৱে খালে আমাৰ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে হয়। সহজভাৱে উপলব্ধ মৰিছা শাকে বৃদ্ধি কৰে হিম’গ্লবিন। শৰীৰত আইৰণৰ অভাৱ কমাবলৈ হ’লে মৰিছা শাক নিয়মিতভাৱে সেৱন কৰা প্ৰয়োজন। একেদৰে চেনীতকৈ গুড়ে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। গুড়ত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, আইৰণ আৰু পটাচিয়াম থাকে ফলত ই হিম’গ্লবিন বৃদ্ধিত সহায়ক হয়। পালেং শাকতো প্ৰচুৰ পৰিমাণে আইৰণ আৰু কেলচিয়াম থাকে। হিম’গ্লবিনৰ সমস্যাত ভুগিলে শীত কালত পালেং শাক নিয়মিত খাব লাগে। শৰীৰত আইৰণ হ্ৰাস পোৱা ৰোধ কৰে ব্ৰকলিয়েও। একেদৰে নেমুজাতীয় ফলো শীতকালত খোৱাটো অতিকে প্ৰয়োজন। এনে আহাৰত থকা চি ভিটামিনে শৰীৰত আইৰণ সহজে শোষণত সহায় কৰে। গতিকে এইবোৰ খাদ্য নিয়মিতভাৱে খালে হিম’গ্লবিনৰ অভাৱত বা ৰক্তহীনতাৰ পৰা হাত সাৰিব পাৰি।
কিদৰে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰিব?
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025