ভেদাইলতা প্ৰতিগৰাকী অসমীয়াৰে পৰিচিত বনৌষধ। গ্ৰাম্য অঞ্চলত ভেদাইলতাৰ ব্যৱহাৰ অধিক।
ভেদাইলতাৰ পাত মোহাৰিলেই বেয়া গোন্ধ ওলায় যদিও খাওঁতে যথেষ্ট সুস্বাদু। অসমীয়াত ভেদাইলতাৰ আন আন নামকেইটা হ’ল পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা আৰু প্ৰসাৰণী ৷ অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল ৷ সময়ৰ পৰিৱৰ্তনে বনশাকৰ পৰা আমাৰ বহুতকে আঁতৰাই আনিছে ৷ কিন্তু জানেনে ভেদাইলতাৰ এনে আশ্চৰ্যকৰ গুণাগুণ আছে যিবোৰ পঢ়িলে আপুনিও আচৰিত হৈ উঠিব।
আহক জানো ভেদাইলতাৰ (Bhedailota) লাভালাভবোৰ কি কি?
১. ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
২. বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
৩. অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
৪. ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে খুব সোনকালে ইয়াৰ লাভালাভবোৰ লাভ কৰিব।
৫.দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।
৬. ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।
৭. ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা বটি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
৮. ভেদাইলতাৰ ৰসে হজম শক্তি বৃদ্ধি কৰে।
৯. ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
১০. প্ৰ্সূতিসকলক প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে, ভাল ফল পাব।
১১. গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
১২. ভেদাইলতাই পেটৰ আভোক, বদহজম, ওকালি-বমি, পেটৰ বিষ, লিভাৰ আৰু প্লীহাৰ অসুখৰ উপশম ঘটাই।
১৩. ভেদাইলতা ডায়েৰিয়া আৰু ডিচেণ্ট্ৰিৰ মহৌষধ।
১৪. ভেদাইলতাই হাঁপানি ৰোগ নিৰাময় কৰে।
১৫. ভেদাইলতাৰ গুটিয়ে দাঁতৰ বিষ উপশম কৰে আৰু শেতা পৰা দাঁতৰ ৰং চিকচিকিয়া কৰে ৷
১৬. ভেদাইলতা পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা,পুৰুষৰ যৌন দুৰ্বলতাৰ চিকিৎসাত ব্যৱহাৰ হয় ৷
১৭. ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
১৮. গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
১৯. নতুন বা পুৰনি হাগনী / গ্ৰহণী বেমাৰত ইয়াৰ কেঁচা ৰস বা কম তাপত আঞ্জা বনাই বা চাটনি, পকৰী আদি বনাই খালে ভাল ফল দিয়ে।
২০. যকৃত বা লিভাৰৰ যি কোনো সমস্যাত ভেদাইলতা খাব লাগে।
২১. এলাৰ্জি ৰোগত নিয়মিত খালে উপকাৰ পায়।
২২. মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত ভেদাইলতা খাব লাগে।
২৩. প্ৰাৰম্ভিক পৰ্যায়ত মুত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷
২৪. কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷
২৫. একাংগী ৰোগত ৪/৫ চামুচকৈ ৰস দিনটোত ৩বাৰ খোৱাৰ উপৰি ৰসেৰে মালিচ কৰি উপকাৰ পাব।