সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ বান্ধে। কোনো কোনো লোকে কিছু বেছিকৈ কান্দে। তেওঁলোকৰ মাজত কিছুমান গুণো আছে। জানি লওক সেইবোৰ কি কি?
কন্দা হ’ল আন আবেগৰ প্ৰতিক্ৰিয়াৰ দৰেই এক প্ৰতিক্ৰিয়া। চকুৰ পানীক দুৰ্বলতা বুলি ভবা হয় যদিও এয়া হাঁহিৰ দৰেই স্বাভাৱিক। বৰং কান্দিলে মন পাতল হৈ থাকে। সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ বান্ধে। কোনো কোনো লোকে কিছু বেছিকৈ কান্দে। তেওঁলোকৰ মাজত কিছুমান গুণো আছে। জানি লওক সেইবোৰ কি কি?
এওঁলোকৰ ইম’চনেল কোচেণ্ট তুলনামূলকভাৱে বেছি হয়। কাৰণ এওঁলোকে নিজৰ ভিতৰত কি চলিছে সেয়া প্ৰকাশ কৰিব পাৰে। প্ৰয়োজনত যিদৰে কথা নোকোৱাকৈ থাকিব পাৰে, তেনেদৰে আকৌ প্ৰয়োজনত আনৰ ওচৰত সহানুভূতিৰ হাত আগবঢ়ায়।
এওঁলোক বন্ধু হিচাপে ভাল হয়। বন্ধুত্বত আবেগ আচল বস্তু। নিজৰ মনৰ ভাৱ বুজাবলৈ এওঁলোক সক্ষম। প্ৰয়োজনত চকুৰ পৰা পানী ওলাই আহে। আকৌ হাঁহিৰে বন্ধুক ভৰাই ৰাখে।
কন্দাক বহুতেই দুৰ্বলতা বুলি ভাবে। সমাজে কি ভাবিব বুলি ভাৱিয়ে বহুতেই নাকান্দে। চকুপানী আহিলেও জোৰেৰে ধৰি ৰাখে। কিন্তু যিসকলে সহজে কান্দি দিয়ে তেওঁলোকে এইবোৰক গুৰুত্ব নিদিয়ে। তেওঁলোকে ভয়ৰ সলনি তেওঁলোকৰ আৱেগক প্ৰাথমিকতা দিয়ে।
ছচিয়েল মিডিয়াৰ যুগত সকলো সময়তে হাঁহি-আনন্দৰে থকাটো যেন নিয়মত পৰিণত হৈছে। কাৰোবাৰ বাস্তৱত দুখ হ’ব পাৰে, সেয়া যেন মানি ল’বলৈ ৰাজি নহয় সমাজ। কিন্তু মানুহৰ বৈশিষ্ট্যৰ মাজতে পৰে দুখ পোৱা বা কন্দা। বিশেষকৈ কোনো পুৰুষৰ চকুপানী দেখিলে সমাজে তাচ্ছিল্য কৰে। কিন্তু যিসকলে হাঁহিৰ দৰেই মনত দুখ হ’লেও চকুপানীৰে সেয়া প্ৰকাশ কৰে তেওঁলোকে সমাজৰ এই কথাবোৰ গুৰুত্ব নিদিয়ে।
যিসকলে অলপতে কান্দে, তেওঁলোকৰ জীৱনৰ পৰা ষ্ট্ৰেচ বহু পৰিমাণে কমি যায়। কন্দাৰ মাধ্যমেৰে ষ্ট্ৰেচ কমি যায়। বৰং নকন্দাকৈ কষ্ট হেঁচা মাৰি ধৰি ৰাখিলে আন অসুখে বাহ ল’ব পাৰে।