বৰ্ষাৰম্ভ আৰু বৰ্ষ চক্ৰৰ বিষয়ে এই সমূহ জানে নে…

1 min read

নতুন বছৰ চ’ত মাহৰ শুক্লা প্ৰতিপদৰ তিথিতে হওঁক বা বহাগৰ এক তাৰিখতে হওঁক গোটেই ভাৰতবৰ্ষৰ লোকৰে নতুন বছৰ আহিলে পঞ্জিকা খুলি বৰ্ষ চক্ৰত কি লিখিছে চোৱাৰ পৰম্পৰা আছে ।

বৈদিক জ্যোতিষ শাস্ত্ৰই কেৱল আমাৰ ভৱিষ্যতে কি ঘটিব সেই বিষয়েই কোৱা নাই বৰঞ্চ ই আমাক ইয়াক প্ৰতিৰোধ বা সংশোধন কেনেকৈ কৰিব পাৰো তাৰো উপায় দিয়ে ।

ৰাশি অনুসৰি আমাৰ বছৰটো কেনে যাব, নক্ষত্ৰৰ নম্বৰ অনুসৰি কেনে যাব , ফলং মান ভঞ্জনং বা ফলং ৰসাতলে হলে কি কি দান দিব লাগিব এই বিলাক পঞ্জিকাত চোৱাৰ নিয়ম আমাৰ প্ৰায় সকলোৰে আছে । বছৰটোত আয় কিমান ব্যয় কিমান সেইটো চায়ো বৰ ভাল লাগে । ভাল লিখিলে যিদৰে মনটো আমাৰ বৰ ভাল সেইদৰে বেয়া লিখিলে মনটো ভাঙি যায় । কিন্তু এই লিখা বিলাক কিমান সত্য হয় ? সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হব পাৰেনে ?

ঠিকেই লাখ লাখ মানুহৰ একে ৰাশি একে নক্ষত্ৰৰ নম্বৰ একে হয় কিন্তু সকলোৰে ভাল বেয়া একে হব পাৰেনে এইটো এটা জটিল প্ৰশ্ন। প্ৰকৃততে আমাৰ জন্ম চক্ৰখন জন্মৰ সময়ৰ চন্দ্ৰ সূৰ্য্যকে ধৰি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ পৰা গণনা কৰি উলিওৱা হয় । গতিকে বৰ্ষ চক্ৰত জন্ম মূহুৰ্তত যি প্ৰতিফলন থাকিব সেই খিনি সকলোৰে ক্ষেত্ৰত একে হব। সেয়ে বৰ্ষ চক্ৰ কেই শতাংশ মান সত্য হব । বাকি খিনি আমাৰ সঞ্চিত কৰ্মৰ পৰা হব।

এই কৰ্ম কি ?

শাস্ত্ৰত আছে–এই জনমত কৰা কৰ্ম অৰ্থাৎ ভাল কামেই হওক বা বেয়া কামেই হওক তাৰ ফল মানুহে পাবই । মানুহৰ আত্মাৰ লগত এই বিলাক ছাঁৰ দৰে থাকে। শৰীৰৰ মৃত্যুৰ পাছত আত্মাৰ লগে লগে আহি নতুন শৰীৰৰ লগত যোগ হয় আৰু সেয়ে কৰ্ম।

সেয়েহে ৰাশি ফলটোৱে কেৱল আমাৰ জন্মৰ মুহূৰ্তলৈকে আমাৰ কৰ্মস্থিতি প্ৰকাশ কৰে। গতিকে আমাৰ কৰ্মই জন্মৰ মুহূৰ্তৰ পৰাই এই জীৱনত আমাৰ কাম আৰু আচৰণে ভৱিষ্যতৰ গতিপথ সলনি কৰিব পাৰে ।

ৰাশিফল হৈছে আধ্যাত্মিক অনুশীলনৰ বাবে এক আৰম্ভণি বিন্দু, বৰ্ষ চক্ৰত দেখুওৱা বহুতো কথা , সমস্যা সংশোধন কৰিব পাৰি বা সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰি যদি আন্তৰিক আৰু নিৰন্তৰ প্ৰচেষ্টা প্ৰয়োগ কৰা হয়।

সেয়েহে বৈদিক জ্যোতিষ শাস্ত্ৰৰ আদি গুৰু ঋষি পৰাশৰে গ্ৰহৰ ফলাফল সলনি কৰাৰ বাবে কেইবাটাও পদ্ধতিৰ পৰামৰ্শ দিছে, যেনে – ধ্যান, মন্ত্ৰ উচ্চাৰণ, ৰীতি-নীতিৰে উপাসনা, দান, আৰু জীৱিত জীৱৰ নিস্বাৰ্থ সেৱা।

ধ্যান, মন্ত্ৰ জপ আৰু জীৱিত জীৱৰ নিস্বাৰ্থ সেৱা নিৰন্তৰ কৰিলেহে তাৰ ফল পোৱা যায় যদিও ইয়াৰ ফলাফল স্থায়ি হয় আৰু সুদূৰ প্ৰসাৰি হয় কিন্তু দান আৰু পূজা উপাসনাৰ ফল তৎক্ষণাত পাব পৰা যায় , মাত্ৰ শুদ্ধ মন আৰু বিশ্বাস থাকিব লাগে।

-জুলা শৰ্মা, নতুন দিল্লী

You May Also Like

More From Author