নগাঁও কমলা টোডী ভৱনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ সজাগতা সভা
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলমিত্ৰসকলে কষ্ট অনুসৰি পাৰিশ্ৰমিক নোপোৱা আৰু বিভিন্ন সা- সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বাবে চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিলে
জলমিত্ৰসকলে পাৰিশ্ৰমিককে ধৰি অনান্য সা সুবিধাৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে কানষাৰ দিয়া নাই চৰকাৰক শেষ সীমা ১৫জানুৱাৰী পৰ্যন্ত বান্ধি দিছে
১৫জানুৱাৰী পৰ্যন্ত চৰকাৰে জলমিত্ৰ সকলৰ দাবী মানা নল’লে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথাও ব্যক্ত কৰিলে
জলজীৱন মিচনৰ পানী দিয়াৰ কাম বন্ধ কৰি চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই দিয়াৰো হুংকাৰ প্ৰদান কৰালে কৰ্মচাৰীসকলে