ভাৰতৰ বিভিন্ন ৰাজ্যত নতুন বছৰ বেলেগ বেলেগ কিয় হয়…

1 min read

ভাৰতবৰ্ষত যিদৰে বিভিন্ন ভাষা , ভিন ভিন সাজপাৰ আৰু খাদ্যৰ ভিন্নতা আছে সেইদৰে নতুন বছৰ আৰম্ভণিৰো ভিন্নতা আছে ।

এই ভিন্নতাৰ মাজত যোগসূত্ৰ ৰাখিছে বৈদিক শাস্ত্ৰ আৰু সনাতন সংস্কৃতি পৰম্পৰা সমূহে । একেই বৈদিক সংস্কৃতি পৰম্পৰাৰ হলেও ভাৰতৰ ভিন ভিন ৰাজ্যত ভিন ভিন স্থানীয় পৰম্পৰাৰ লগ হৈ নাম আৰু নীতি নিয়মৰ মাজত পাৰ্থক্য আছে । প্ৰতিখন ৰাজ্যৰ উৎসব বিলাকৰ সুকীয়া বৈশিষ্ট আছে তথাপিও আমি একে ভাৰতীয় আৰু আমাৰ একেই সনাতন সংস্কৃতি পৰম্পৰা। এয়াই সনাতন ধৰ্মৰ সৌন্দৰ্য্য।

বিক্ৰম সংবৎসৰ আৰু শকাব্দ কি :–

ভাৰতবৰ্ষত বিক্ৰম সংবৎসৰ আৰু শকাব্দ দুখন

কেলেণ্ডাৰ আছে।

শকাব্দ কেলেণ্ডাৰ ৰজা শালিৱাহন শকে ৭৮ খৃষ্টাব্দ আৰম্ভ কৰিছিল। এই কেলেণ্ডাৰ ২২ মাৰ্চ ৰ পৰা আৰু লিপ ইয়েৰ হ’লে ২১ মাৰ্চ ৰ পৰা আৰম্ভ হয় । এই কেলেণ্ডাৰক ভৰতৰ চৰকাৰৰ দ্বাৰা স্বীকৃত দিয়ে ১৯৫৭ চনত।

কিন্তু বিক্ৰম সংবৎসৰ অতি প্ৰাচীন আৰু ভাৰত আৰু নেপালত বহুল ভাবে প্ৰচলিত কেলেণ্ডাৰ। এই সম্বত খৃষ্টপূৰ্ব ৫৭ ত ৰজা চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই দেশবাসীৰ সকলো ঋণ পৰিশোধ কৰি চ’ত মাহৰ শুক্ল প্ৰতিপদৰ দিনাৰ পৰা বিক্ৰম সংবৎসৰ নাম দি নতুন সংবৎসৰ আৰম্ভ কৰিছিল ।

चैत्र मासे जगद्ब्रह्म समग्रे प्रथमेऽनि

शुक्ल पक्षे समग्रे तु सदा सूर्योदये सति। – (ब्रह्म पुराण)

ব্ৰহ্মপুৰাণত আছে চ’ত মাহৰ শুক্লা প্ৰতিপদৰ দিনটোতে ব্ৰহ্মাদেৱে প্ৰথম সৃস্টিৰ কাম আৰম্ভ কৰিছিল। সেই দিনাৰ পৰাই সত্য যুগ আৰম্ভ হৈছে আৰু সেই দিনাৰ পৰাই কাল গণনা অৰ্থাৎ তাৰিখ আৰম্ভ হৈছে । সেয়ে এই দিনটোক বৰ্ষাৰম্ভণি বা হিন্দুৰ নতুন বছৰ বুলি ধৰা হয় ।

ভাৰতৰ বিভিন্ন ৰাজ্যত নতুন বছৰ বেলেগ বেলেগ কিয় হয় —

যদিও পুৰাণৰ মতে চ’ত মাহৰ শুক্লা প্ৰতিপদত নতুন বছৰ আৰম্ভ হোৱা বুলি কোৱা হয় কিন্তু ভাৰতৰ সকলো ৰাজ্যতে সেই দিনটো নতুন বছৰ বুলি নধৰে । বৈদিক যুগৰ পৰাই ভাৰতত সৌৰ দিনপঞ্জী ( solar calendar) আৰু চন্দ্ৰ দিনপঞ্জী (lunar calendar) এই দুয়োখন দিনপঞ্জীয়েই মানি অহিছে ।

চ’ত মাহৰ শুক্লা প্ৰতিপদৰ দিনটোত কৰ্ণাটক , অন্ধ্ৰ প্ৰদেশ , তেলেঙ্গানা , মহাৰাষ্ট্ৰ , কাশ্মীৰ , উত্তৰ প্ৰদেশ

আৰু মধ্য প্ৰদেশত নতুন বছৰ আৰম্ভণি হয় । সেই বিলাক ঠাইত চন্দ্ৰ দিনপঞ্জী (Lunar Calendar) অনুসৰি নতুন বছৰৰ দিন ঠিক হয় । এই নতুন বছৰ চ’ত মাহত ( March – April) পৰে । এই দিনপঞ্জী অনুসৰি এটা মাহ পূৰ্ণিমাত শেষ হয় ।

আনহাতে অসম , পশ্চিম বঙ্গ, বিহাৰ, উৰিষ্যা , পাঞ্জাৱ , হাৰিয়ানা, তামিলনাডু কেৰেলা আৰু হিমাচল প্ৰদেশত সৌৰ দিনপঞ্জী অনুসৰি নতুন বছৰ এপ্ৰিল মাহৰ ১৪ /১৫ তাৰিখত পৰে । বৈদিক জ্যোতিৰ্বিজ্ঞান অনুসৰি বহাগৰ সংক্ৰান্তিৰ দিনা সূৰ্য্য মেষ ৰাশিত প্ৰবেশ কৰে । সৌৰ দিনপঞ্জী অনুসৰি এটা মাহ সংক্ৰান্তিত শেষ হয়। সেয়ে বহাগৰ সংক্ৰান্তিৰ পিছদিনা বহাগৰ ১ তাৰিখ হয় নতুন বছৰ আৰম্ভ হয়।

কিন্তু গুজৰাটত আৰু ৰাজস্থানত বিক্ৰম সংবৎসৰ অনুসৰি বছৰৰ গণনা কৰা হয় যদিও নতুন বছৰ কাতি মাহৰ শুক্লা প্ৰতিপদৰ দিনাৰ পৰাহে আৰম্ভ হয় ।

নতুন বছৰৰ উৎসৱ গোটেই ভাৰতবৰ্ষৰে —

অসমত বহাগ মাহত নতুন বছৰ সোমায় তাৰ লগত ৰঙালী বিহু উৎসৱ পতা হয়। সেইদৰে পাঞ্জাব আৰু হাৰিয়ানাত বৈষাখী , কেৰেলাত বিষু, তামিলনাডুত পুথাণ্ডু বা বৰ্ষ পিৰাপ্পু ,পশ্চিম বঙ্গত পহিলা বৈশাখ , উৰিষ্যাত মহা বিষুৱ সংক্ৰান্তি বা পানা সংক্ৰান্তি, বিহাৰ , ঝাৰখণ্ড আৰু নেপালত (মিথিলা ) জুড় শীতল , হিমাচল প্ৰদেশত বিষু , বিষৌ বা লিষৌ বুলি উদযাপন কৰা হয়। সূৰ্য্য এই সময়ৰ পৰা বিষুৱ ৰেখাৰ ফাললৈ হয় সেয়ে এই উৎসৱক বিষুৱ, বিষু, বিষৌ বা বিহু বুলি কোৱা হয়।

যিবিলাক ঠাইত চ’ত মাহত নতুন বছৰ আৰম্ভ হয় সেই বিলাকৰ – মহাৰাষ্ট্ৰত গুড়ি পড়ৱা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তেলেঙ্গানাত উগাদি (যুগ +আদি) , কাশ্মীৰত নভৰেহ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত নৱৰাত্ৰি উদযাপন কৰা হয় । নৱৰাত্ৰি নতুন বছৰৰ আৰম্ভণি বুলি নহয় যদিও গুজৰাট, ৰাজস্থান, বিহাৰ, পাঞ্জাবকে ধৰি গোটেই ভাৰতবৰ্ষতে পতা হয়। অসমতো এই পূজা বসন্ত কালত হয় বাবে বাসন্তী পূজা নামেৰে উদযাপন কৰে ।

বিহুৰ বৈদিক সংযোগ–

বৈদিক ঋষি সকলে কৰি যোৱা দিনপঞ্জী অনুসৰি অসমত তিনিওটা বিহু অৰ্থাৎ– বহাগৰ সংক্ৰান্তিৰ পৰা ৰঙালি বিহু, কাতিৰ এক তাৰিখৰ কঙালী বিহু আৰু মাঘৰ সংক্ৰান্তিৰ পৰা ভোগালী বিহু পতা হয় । বহাগৰ সংক্ৰান্তিত , সূৰ্য্য প্ৰণাম , মাঘৰ সংক্ৰান্তিত অগ্নি দেৱতা আৰু সূৰ্য্য দেৱতাৰ প্ৰণাম কৰাৰ নিয়ম বৈদিক কালৰ পৰা গোটেই ভাৰতবৰ্ষত চলি আহিছে।

বিহুৰ দৰেই পাঞ্জাব আৰু কেৰেলাটো সমূহীয়াকৈ নাচ গান কৰাৰ নিয়ম আছে । নতুন বছৰৰ আৰম্ভণিত গোসাই সেৱা কৰি গোসাই গোঁসানীক নতুন কাপোৰ দিয়াৰ নিয়ম , ডাঙৰক সেৱা কৰি আশীৰ্বাদ লোৱাৰ নিয়ম সকলো ৰাজ্যতে আছে । কোনো কোনো ৰাজ্যত নতুন কাপোৰ পিন্ধাৰ নিয়মো আছে।

বহাগৰ সংক্ৰান্তিৰ দিনা অসমত গৰু বিহু পতা হয়।

সনাতন পৰম্পৰাত গৰুক সকলো জীৱ জন্তুৰ ভিতৰত অধিক পৱিত্ৰ বুলি ভবা হয়। ঋগ্বেদৰ ষষ্ঠ মণ্ডলৰ ২৮ নম্বৰ সুক্তক গো সুক্ত বুলি কোৱা হয় । এই সুক্তৰ মন্ত্ৰ বিলাকত গৰুৰ মহিমা বৰ্ণনা কৰিছে । সেইদৰে অথৰ্ৱবেদতো চতুৰ্থ কাণ্ডৰ ২১ নম্বৰ সুক্ত গৰুক উদ্দেশ্য কৰি লিখিছে। মহৰ্ষি বশিষ্ঠৰ গো উপনিষদতো গৰুক মাতা বুলি কৈছে আৰু দৈনিক সেৱা জনোৱাৰ ওপৰত গুৰুত্ব দিছে।

গুজৰাটত কাতি মাহৰ শুক্লা প্ৰতিপদত নতুন বছৰ আৰম্ভ হয় সেইদিনা গোৱৰ্দ্ধন পূজা পতা হয়। গৰুক গা ধুৱাই পূজা কৰি প্ৰদক্ষিণ কৰা হয়। ভাৰত বৰ্ষৰ বিভিন্ন ঠাইত এই পূজা পতা হয় । ইয়াৰ উপৰিও কাতি মাহৰ শুক্লা অষ্টমীৰ দিনা গোপাষ্টমী পতাৰ নিয়মো ভাৰতবৰ্ষৰ ঠায়ে ঠায়ে আছে।

সনাতন শাস্ত্ৰত আছে গৰুৰ গাত ৩৩ জনা দেৱতা নিবাস কৰে। যদি কোনো লোকে এজনী গৰুৰ গাত হাত থৈ ১১ দিন একেৰাহে (সদায় একে সময়তে) ৭ বাৰকৈ প্ৰদক্ষিণ কৰে তেন্তে যি মনোকামনা থাকে সেয়ে পূৰণ হয় ।

-জুলা শৰ্মা, নতুন দিল্লী

You May Also Like

More From Author