UPI লেনদেনত একাধিক নিয়মৰ সালসলনি! জানি লওক, অন্যথা পৰিব পাৰে সমস্যাত

1 min read

আজিকালি নগদ ধনৰ লেনদেনৰ পৰিৱৰ্তে Unified Payments Interface (UPI)ৰ জৰিয়তে ধন পৰিশোধ কৰাৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে। লাখ লাখ টকা হওক বা ১০-২০ টকা হওক বেছিভাগ মানুহেই আজিকালি সহজে UPI ব্যৱহাৰ কৰি ধন পৰিশোধ কৰে।
নতুন বছৰত UPI পেমেণ্ট সেৱা উন্নত কৰাৰ বাবে নিয়মৰ কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। কেৱল সেয়াই নহয়, কেইবাটাও নতুন নিয়মো ৰূপায়ণ কৰা হৈছে।
চাওক কি কি নতুন পৰিৱৰ্তন কৰা হৈছে
বন্ধ কৰি দিয়া হৈছে নিষ্ক্ৰিয় UPI ID: UPI ID আৰু সংযুক্ত মোবাইল নম্বৰ যাৰ জৰিয়তে যোৱা ১ বছৰত কোনো লেনদেন কৰা হোৱা নাই সেইবোৰ ইতিমধ্যে বাতিল বা নিষ্ক্ৰিয় কৰি দিয়া হৈছে। UPI ID জালিয়াতিৰ আশংকা হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
লেনদেনৰ সময়সীমা বৃদ্ধিঃ UPIৰ জৰিয়তে NPCIৰ দৈনিক লেনদেনৰ সীমা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
Interchange Fee: অনলাইন ৱালেটৰ দৰে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে ২০০০ টকাৰ ওপৰৰ লেনদেনৰ বাবে ১.১ শতাংশ আদান-প্ৰদান মাচুল লোৱা হ’ব।
Four Hour Time Limit: খবৰ অনুসৰি অনলাইন জালিয়াতি ৰোধ কৰিবলৈ প্ৰথম পেমেণ্ট ২০০০ টকাতকৈ অধিক হ’লে ৪ ঘণ্টাৰ সময়সীমা দিয়া হ’ব।
UPI ATM: শীঘ্ৰে সমগ্ৰ দেশতে UPI ATM মুকলি কৰিবলৈ ওলাইছে ৰিজাৰ্ভ বেংকে। QR ক’ড স্কেন কৰি বেংক একাউণ্টৰ পৰা নগদ ধন উলিয়াব পাৰিব।

You May Also Like

More From Author