আজি তাই জীয়াই থাকিলে সকলো ক’লে হৈ: জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃ

1 min read

অৱশেষত অন্ত পৰিল জোনমণি ৰাভাৰ মৃ্ত্যুৰ তদন্ত প্ৰক্ৰিয়া। নগাঁৱত তদন্তকাৰী CBIয়ে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। চূড়ান্ত প্ৰতিবেদন অনুসৰি হত্যা নহয় দুৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। প্ৰায় ৭ মাহজোৰা তদন্তৰ অন্ত আজি CBIএ দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। জোনমণি ৰাভাৰ মৃত্যু পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। CBIৰ প্ৰতিবেদনৰ দাখিলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃৰ।

‘‘মোৰ ক’ব লগা একোৱেই নাই, যিমান ক’ব লগা আছিল কৈয়ে দিলো। সকলোৱে চাই গম পাইছিল ছোৱালীৰ মৃতদেহ, গাড়ীৰ দুৰ্ঘটনাৰ অৱস্থিতি। মই একো বুজাব নোৱাৰো, মই একো কৰিবও নোৱাৰো। আজি ছোৱালী জীয়াই থাকিলে ক’লে হয় মোৰ এক্সিডেণ্ট হৈছে মা,মোক ধৰি মাৰিছে, এতিয়া কোৱা-মাতা মানুহেই নাই। এতিয়া ৰাইজে বিচাৰ কৰক কি-কেনেকুৱা।’’ অশ্ৰুসিক্ত নয়নেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জোনমণি ৰাভাৰ মাতৃয়ে।

উল্লেখ্য যে উল্লেখ্য যে উল্লেখ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (SI Junmoni Rabha) ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰথমে কৰিছিল CID, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক।

You May Also Like

More From Author