কাক ‘খোচ’ মাৰিলে বেহাৰবাৰীৰ মণি বৌয়ে! কিয় ক’লে – অহংকাৰী হ’ব নোৱাৰিলো বিক্ৰী যাব নোৱাৰিলো!

1 min read

এখন জনপ্ৰিয় ধাৰাধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ মণি বৌক প্ৰায় সকলোৱে চিনি পায়। মণি বৌ অৰ্থাৎ অভিনেত্ৰী পাপৰি বৰাই সামাজিক মাধ্যমত কৰিছে এক তাৎপৰ্যপূৰ্ণ পোষ্ট। এই পোষ্টটোত যেন মণি বৌয়ে মনত পুহি ৰখা বহুদিনৰ ক্ষোভ প্ৰাকাশ কৰিছে।

সামাজিক মাধ্যমত দিয়া পোষ্টটোত মণি বৌয়ে লিখিছে – ‘সময়… নিজকে অহংকাৰত পোত গৈ দম্ভালি মাৰি বৰ গছৰ লগত তুলনা কৰি আনক ৰঘুমলাৰ লগত মিলোৱা জনক মোৰ তৰফৰ পৰা সমবেদনা! আমি মাটিৰ মানুহ মাটিতেই আছো, অহংকাৰী হ’ব নোৱাৰিলো,বিক্ৰী যাব নোৱাৰিলো। কাৰণ মোৰ বাবে ৰাইজেই সকলো। যি দিছে যি পাইছো ৰাইজৰ বাবেই পাইছো। ৰাইজক দুখ দি দৰ্শক নথকা ভওনাট ভাওৰীয়া হ’ব মন নাই ঔ… আকৌ কও সময়… বৰ নিষ্ঠুৰ ঔ…।’

পিছে কাক ‘খোচ’ মাৰিলবলৈ মণি বৌয়ে সামাজিক মাধ্যমত দিলে এই পোষ্ট! কাৰ প্ৰতি উজাৰিলে ক্ষোভ। কোনে মণি বৌক দম্ভালি মাৰিছিল, কোনে ৰঘুমলাৰ লগত মণি বৌক তুলনা কৰিছিল। এই পোষ্টৰ পাছতে উত্থাপন হৈছে এনেবোৰ পশ্ন।

উল্লেখযোগ্য যে মণি বৌৰ এই পোষ্টৰ পূৰ্বে এই কেকে অৰ্থাত সিদ্ধাৰ্থ শৰ্মায়ো সামাজিক মাধ্যমত দিছিল এটা পোষ্ট। ফেচবুকৰ সেই পোষ্টটোত অভিনেতাগৰাকীয়ে দ্বীপজ্যোতি কেওটৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখনত দুয়োজনক অত্যন্ত হতাশগ্ৰস্ত যেন দেখা গৈছিল! ফটোখনৰ কেপচনত সিদ্ধাৰ্থ শৰ্মাই লিখিছিল এটা বিশেষ কথা।

ফটোখনৰ কেপচনত সিদ্ধাৰ্থ শৰ্মাই লিখিছিল, ‘‘আমাৰ ভুলৰ কাৰণেই বন্ধ হ’ব চাগৈ ‘বিয়লিৰ বৃন্দাবন’। ‘বিয়লিৰ বৃন্দাবন’ হৈছে দুয়োগৰাকী অভিনেতাই বৰ্তমান কৰি থকা ধাৰাবাহিকখনৰ নাম। ‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ পিছত এই ধাৰাবাহিকখনত বৰ্তমান অভিনয় কৰি আছে দুয়োগৰাকী অভিনেতাই।

কিন্তু কেকে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ এই পোষ্টৰ পাছতেই মণি বৌৰ ফেচবুক পোষ্টে যথেষ্ট তাৎপৰ্য বহন কৰিছে। কেকেই ‘বেহাৰবাৰী আউটপোষ্ট’ এৰিছে যদিও এতিয়াও মণি বৌ অৰ্থাৎ পাপৰি বৰাই অভিনয় কৰি আছে জনপ্ৰিয় ধাৰাবাহিকখনত।

You May Also Like

More From Author