জ্যোতিষশাস্ত্ৰৰ মতে কি কি নিয়ম থাকিব সৰস্বতী পূজাত?

1 min read

অৱশেষত, পুনৰ আহি পালে বিদ্যাৰ্থী সকলৰ বহু অপেক্ষিত সৰস্বতী পূজা। সৰস্বতী পূজাৰ উপলক্ষে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পৰিলক্ষিত হৈছে সীমাহীন আনন্দ। অফিচ-কাছাৰী সমূহতো সৰস্বতী পূজা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ। কিন্তু, এইবাৰৰ সৰস্বতী পূজাত আপুনি কেনেকৈ সন্তুষ্ট কৰিব দেৱী সৰস্বতীক ? কি দি পূজিব দেৱী সৰস্বতীক ? কি ৰঙৰ সাজ পিন্ধিলে আপুনি লাভ কৰিব সুফল?

এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছিলো ৰাজ্যৰ জনপ্ৰিয় তথা বিশ্বাসযোগ্য জ্যোতিষী ড০ মঞ্জুশ্ৰীৰ পৰা। এই সন্দৰ্ভত জ্যোতিষশাস্ত্ৰৰ মতে- “কাইলৈ পুৱাৰ পৰা বিয়লি ৫:৫৬বজালৈকে থাকিব সৰস্বতী মাক আৰাধনা কৰা বা পূজা কৰাৰ উচিত সময়। সেই সময়ত সৰস্বতী মাৰ আশীষ ল’ব পাৰিব আপুনি। বিশেষত: কণ কণ ছাত্ৰ-ছাত্ৰী সকলে দুপৰীয়া ১২বজাৰ ভিতৰত দেৱী সৰস্বতীক পূজা-অৰ্চনা কৰিলে তেওঁলোকৰ বাবে মংগল হ’ব বুলি মন্তব্য কৰে ড০ মঞ্জুশ্ৰীয়ে।’’

“কাইলৈ দিনটোত সৰস্বতী মাক পূজা অৰ্চনা কৰিবলৈ প্ৰতিগৰাকী বিদ্যাৰ্থীয়ে হালধীয়া বস্ত্ৰ পৰিধান কৰিলে অত্যন্ত সুফল পোৱাৰ আশা কৰিব পাৰে। তাৰোপৰি দেৱী সৰস্বতীক হালধীয়া ভোগ,হালধীয়া লাড়ু,হালধীয়া ফুল আগবঢ়াই পূজা-অৰ্চনা কৰাৰ পৰামৰ্শ দিয়ে ড০ মঞ্জুশ্ৰীয়ে। তেওঁৰ মতে এনে কৰিলে প্ৰতিগৰাকী বিদ্যাৰ্থী বা প্ৰতিগৰাকী লোকৰ ওপৰত প্ৰসন্ন হ’ব দেৱী সৰস্বতী। সন্তুষ্ট কৰিব পাৰিব দেৱী সৰস্বতীক।

You May Also Like

More From Author