নাকত টিউব, হাতত চেলাইন, হাস্পতালৰ বিচনাত মহম্মদ ছামী; দ্ৰুত বলাৰগৰাকীয়ে কৰিলে এই পোষ্ট

1 min read

ছচিয়েল মিডিয়াত মহম্মদ ছামীৰ এক পোষ্ট, IPL ২০২৪ৰ বিষয়ে কি বুজালে বেগী বলাৰগৰাকীয়ে?
ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামীয়ে ভৰিৰ গোৰোহাত আঘাতপ্ৰাপ্ত হৈছিল। সোমবাৰে তেওঁৰ একিলিছ টেণ্ডন মেৰামতিৰ বাবে (Achilles Tendon) গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হয়। কিন্তু তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰি ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব।

সোমবাৰে সন্ধিয়া ছামীয়ে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এখন ছবি শ্বেয়াৰ কৰি তেওঁৰ আঘাতৰ ওপৰত এটা আপডেট দিয়ে। জানিব পৰা মতে ব্ৰিটেইনত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয়। হাস্পতালৰ বিচনাৰ পৰাই নিজৰ অপাৰেচনৰ আপডেট দি ছামীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “এতিয়া মোৰ একিলিছ টেণ্ডনৰ গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হ’ল। আৰোগ্য হ’বলৈ কিছু সময় লাগিব যদিও মই পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ অপেক্ষা কৰি আছো।’’

উল্লেখ্য যে, মহম্মদ ছামীয়ে ভাৰতৰ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল। ১৯ নৱেম্বৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চূড়ান্ত পৰাজয়ৰ পিছত ছামীয়ে আৰু কোনো ক্ৰিকেট মেচ খেলা নাই।

শেহতীয়া বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন উল্লেখনীয় আছিল। ভাৰতীয় পেচাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰৱৰ্তী টি-২০ ঘৰুৱা ছিৰিজ আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণতো অংশ ল’ব নোৱাৰিলে। বৰ্তমানৰ ইংলেণ্ডৰ শৃংখলাতো তেওঁ খেলা নাই। এতিয়া তেওঁ আগন্তুক IPLত খেলাটোও প্ৰশ্নৰ আৱৰ্তত আছে কাৰণ তেওঁ সুস্থ হ’বলৈ কিছু সময় লাগিব।

মহম্মদ ছামীৰ অনুপস্থিতিত ভাৰত বনাম ইংলেণ্ড টেষ্ট শৃংখলাৰ এখন মেচ বাকী থকা অৱস্থাত টীম ইণ্ডিয়াই শৃংখলাত জয়লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে দলত বহু জ্যেষ্ঠ খেলুৱৈ নথকা সত্ত্বেও ঘৰুৱা ক্ষেত্ৰত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে।

You May Also Like

More From Author