মই অসমৰ অভিমন্যু, চক্ৰবেহু ভাঙি ওলাই যাম, অসমৰ ৰাইজে মোক চক্ৰবেহুৰ পৰা উলিয়াই নিব: সাংসদ গৌৰৱ গগৈ

1 min read

গৌৰৱ গগৈক অভিমন্যু সজাই আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাক কৌৰৱ সজাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত দুদিন পূৰ্বে নিশাৰ ভাগত প’ষ্টাৰিং কৰা ঘটনাৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে নিজকে অসমৰ অভিমন্যু বুলি মন্তব্য কৰে।

সাংসদ গৌৰৱ গগৈয়ে আজি নগাঁৱৰ হাতীচোং মেধিচুকত বৈকুণ্ঠধাম নামৰ এক ৰাজহুৱা শ্মশানৰ আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ আগত কয় যে ‘‘মই অসমৰ অভিমন্যু বুলি ভাৱো। কিন্তু অসমৰ অভিমন্যু আৰু মহাভাৰতৰ অভিমন্যুৰ মাজত পাৰ্থক্য হ’ব যে মই চক্ৰবেহু ভাঙি ওলাই যাম। অসমৰ ৰাইজে এই চক্ৰবেহু ভাঙি দিয়াত সহায় কৰিব।’’

BJPক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় ‘‘তেওঁলোকৰ উন্নয়ন কেৱল বক্তৃতা আৰু হেলিকপ্টাৰৰ মাজতেই সীমাবদ্ধ আছে। বাকী একো নাই।’’ প্ৰাৰ্থিত্ব সন্দৰ্ভত তেওঁ কোন সমষ্টিত কোন প্ৰাৰ্থী হ’ব সেয়া দলে নিৰ্ধাৰণ কৰিব বুলি প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী কোন ক’ত হ’ব তাক লৈ ইমান হৈ হোৱাৰ কাৰণ কি বুলি উল্লেখ কৰি প্ৰাৰ্থিত্বক লৈ বিজেপিত মেছ ফিক্সিং হোৱাৰ অনুমান হৈছে বুলি মন্তব্য কৰি বিজেপিৰ নগাঁও, যোৰহাট, কাজিৰঙা, গুৱাহাটী কোন হ’ব প্ৰাৰ্থী এতিয়াও কোনেও কিয় নাজানে বুলি প্ৰশ্ন উত্থাপন কৰে।

তেওঁ লগতে আজিৰ তাৰিখত বিৰোধী শক্তিশালী বুলি প্ৰকাশ কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই সকলোৰে আত্ম বিশ্বাস বঢ়াইছে বুলি মন্তব্য কৰে। আনহাতে আজি সাংসদ গৌৰৱ গগৈয়ে কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰে। গৌৰৱ গগৈৰ লগত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰাইও এই দলীয় সভাত অংশগ্ৰহণ কৰে।

You May Also Like

More From Author