স্বল্পবসনা, উচ্চাকাংক্ষা, প্ৰতাৰণা! অকালতে প্ৰাণ গ’ল বিবাহিত সন্দীপৰ, প্ৰেয়সী অঞ্জলীৰ ভুল শুধৰাবলৈ গৈ হত্যাকাৰী হ’ল বিকাশ

1 min read

দুটা দিন পূৰ্বে গুৱাহাটী মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই। এই ঘটনাই অসমৰ লগতে কলকাতা আৰু মুম্বাই এই তিনিখন ৰাজ্যক জোকাৰি গৈছে। কাৰণ এই হত্যাকাণ্ড গুৱাহাটীত সংঘটিত হৈছে যদিও মৃতক মহাৰাষ্ট্ৰৰ পুনেৰ নিবাসী আৰু দুই অভিযুক্ত হত্যাকাৰী কলকাতাৰ নিবাসী।

অভিযুক্ত তথা হত্যাকাৰী দুই প্ৰেমিক–প্ৰেমিকাক মঙলবাৰে বিয়লি কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পাছতেই আদালতে দুয়োকে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, তথাকথিত প্ৰেমৰ সম্পর্কত ফাঁট মেলাৰ বাবেই মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত সন্দীপ নামৰ ব্যৱসায়ীৰ হত্যাকাণ্ড সংঘটিত হৈছিল। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কালি এই হত্যাকাণ্ড সন্দৰ্ভত এখন সংবাদমেলৰ জৰিয়তে বহু চাঞ্চল্যকৰ তথ্য আগবঢ়ায়। ইতিমধ্যে সন্দীপ হত্যাকাণ্ডৰ কথা অভিযুক্ত অঞ্জলী-বিকাশে স্বীকাৰ কৰিছে। তেওঁলোকে জনোৱা অনুসৰি, সন্দীপ আৰু অঞ্জলীৰ মাজত প্ৰকৃততে কোনো প্ৰেমৰ সম্পৰ্ক নাছিল।

অভিযুক্তই প্ৰথমে সন্দীপক শ্লিপিং টেবলেট আৰু ভাং মিশ্ৰিত লাড়ু খুৱাইছিল। প্ৰথমে বিকাশ আৰু সন্দীপৰ মাজত হোৱা হতাহতিত সন্দীপ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁৰ যথেষ্ট ৰক্তক্ষৰণ হৈছিল। পিছত বিকাশে সন্দীপক মুখত সোপা মাৰি ধৰাত তেওঁ মূৰ্ছা গৈছিল। পাছত অভিযুক্তই ৫ ডাল ৰছীৰে সন্দীপৰ হাত, মুখ, ভৰি বান্ধিছিল আৰু হোটেলৰ কোঠা ত্যাগ কৰিছিল। এনেদৰেই পৰৱৰ্তী সময়ত সন্দীপৰ মৃত্যু হৈছিল।

মৃত সন্দীপৰ সৈতে অভিযুক্তৰে কি সম্পৰ্ক?

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, সন্দীপ এজন গাড়ী আৰু হীৰা ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী আৰু কৰ্মসূত্ৰে পূৰ্বেও কেইবাবাৰো গুৱাহাটীলৈ আহিছে। শেহতীয়াকৈ বিগত বৰ্ষত যেতিয়া গুৱাহাটীৰ পৰা উভতি কলকাতা গৈছিল, তেতিয়া সন্দীপৰ অঞ্জলীৰ সৈতে কলকাতা এয়াৰপোৰ্টতে চা-চিনাকি হৈছিল। তেতিয়াৰে পৰা দুয়োৰে মাজত এক সম্পৰ্কই গঢ় লৈ উঠিছিল। এই সম্পৰ্কৰ বাবে পুনে-কলকাতাৰ দৰে দেশৰ আগশাৰীৰ মহানগৰত সন্দীপে যুৱতীগৰাকীৰে সৈতে নৈশ যাপন কৰিছিল। কিন্তু সন্দীপ নিজেই এজন বিবাহিত ব্যক্তি হোৱাৰ বিপৰীতে অঞ্জলী বিকাশ(ঘটনাত জড়িত আনজন অভিযুক্ত)ৰে প্ৰেমৰ সম্পৰ্ক আছিল। অৱশ্যে, বিকাশে প্ৰেয়সী অঞ্জলীৰ এই চৰিত্ৰৰ সম্পৰ্কে অৱগত নাছিল। পুনে-কলিকাতাত হোটেলৰ কোঠা বুক কৰি নৈশ যাপন কৰাটো সন্দীপ আৰু অঞ্জলীৰ বাবে যেন তেনেই সামান্য কথা আছিল। কিন্তু বিবাহিত সন্দীপে যুৱতীগৰাকীৰে সৈতে নৈশ যাপনৰ অন্তৰংগ মুহূৰ্তবোৰ সংগোপনে কেমেৰাত বন্দী কৰি ৰাখিছিল। এই সময়ছোৱাত অঞ্জলীক বিকাশে বহু দামী দামী উপহাৰ দিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। তেৰ বছৰীয়া সন্তানৰ পিতৃ সন্দীপে পৰৱৰ্তী সময়ত যুৱতীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিছিল, কিন্তু যুৱতীয়ে এই প্ৰস্তাৱত অমান্তি হোৱাত সন্দীপে ‘ব্লেকমেইলিং’ আৰম্ভ কৰিছিল। যুৱতীগৰাকীৰ প্ৰেমিক বিকাশ শ্ব’লৈ সন্দীপে তেওঁলোকৰ সেই অন্তৰংগ মুহূৰ্তৰ ফটো প্ৰেৰণ কৰিছিল। এই কাৰ্যত বিকাশৰ সৈতে অঞ্জলীৰ সম্পৰ্কত কিছু ফাঁট মেলিছিল যদিও পাছত পুনৰ দুয়ো একেলগ হৈছিল। ইফালে, সন্দীপৰ ‘ব্লেকমেইলিং’ত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে প্ৰেমিকৰে সৈতে মিলি সন্দীপৰ মোবাইলৰ পৰা তাইৰ সকলো ফটো ডিলিট কৰাৰ পৰিকল্পনা কৰিছিল। সেই সূত্ৰে যুৱতীগৰাকীয়ে সন্দীপক লগ কৰাৰ বাবে কলকাতালৈ মাতিছিল। কিন্তু সন্দীপে কলকাতাৰ সলনি গুৱাহাটীলৈ যুৱতীগৰাকীক নৈশ যাপনৰ বাবে মাতিছিল আৰু তেওঁ নিজেই মুম্বাইৰ পৰা গুৱাহাটীলৈ ফ্লাইটৰ টিকট বুক কৰাৰ লগতে কলকাতাৰ পৰা অঞ্জলীৰ টিকট বুক কৰিছিল। পৰিকল্পনা অনুসৰি অঞ্জলীৰ প্ৰেমিক বিকাশেও কলকাতাৰ পৰা গুৱাহাটীলৈ বুলি ৰাওনা হৈছিল।

সন্দীপে গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত নিজৰ আৰু অঞ্জলীৰ বাবে নৱম মহলাত ৯২২ নম্বৰ কোঠা বুক কৰে। ইফালে বিকাশেও একেখন হোটেলৰ দশম মহলাৰ ১২৪ নম্বৰ কোঠা বুক কৰিছিল। দুয়োৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা অনুসৰি, তেওঁলোকে হত্যা কৰাৰ বাবে পৰিকল্পনা কৰা নাছিল। কিন্তু পৰিস্থিতি এনে হ’ল যে অৱশেষত সন্দীপৰ মৃত্যু হয়।

কেনেদৰে মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত?

দৰাচলতে, দুই অভিযুক্তই সন্দীপৰ সৈতে হতাহতিৰ পিছত হোটেলৰ পৰা ওলাই গৈছিল। তেওঁলোকে উভতি যোৱাৰ বাবে আগতীয়াকৈ কলকাতালৈ বিমানৰ টিকট কাটিছিল। কিন্তু বাটৰ পৰাই বিকাশে হোটেললৈ ফোন কৰি সন্দীপ অসুস্থ বুলি ফোনযোগে জনাইছিল আৰু তেওঁক চাবলৈ কৈছিল। হোটেল কৰ্তৃপক্ষই সন্দীপ থকা কোঠালৈ গৈ তেওঁৰ অৱস্থা দেখি সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ৰে’ল ষ্টেচন, বিমানবন্দৰ সকলোতে খবৰ দিয়ে পাছত বৰঝাৰ বিমানবন্দৰত CSIFৰ সহযোগত দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। CSIFএ বিমানবন্দৰৰ পৰা দুয়োকে আটক কৰি আজাৰা আৰক্ষীক চমজাই দিয়ে আৰু পাছত আজাৰা আৰক্ষীয়ে জালুকবাৰী আৰক্ষীক দুই অভিযুক্তক গতাই দিয়ে।

এই ঘটনাই উন্মোচিত কৰিছে এইটো লজ্জাজনক দিশ-

এই ঘটনাই আজিৰ সমাজত চলি থকা কিছু লজ্জাজনক কাৰ্য উদঙাই দিছে। নিজে বিবাহিত হৈও আন যুৱতীৰ প্ৰতি থকা আসক্তিৰ ফলত সন্দীপে প্ৰাণ হেৰুৱাব লগাত পৰাৰ বিপৰীতে নিজেই এটা সম্পৰ্কত থকা সত্ত্বেও লালসা, উচ্চাকাংক্ষাই কিদৰে অঞ্জলীৰ বাবে বিপদ মাতি আনিছিল সেই কথাও এই ঘটনাত উন্মোচিত হৈছে। আনহাতে, নিজৰ প্ৰেয়সীয়ে কৰা ভুলৰ শুধৰণি কৰিবলৈ গৈ কিদৰে বিকাশে হত্যাকাণ্ডত লিপ্ত হ’বলগীয়া হ’ল সেয়াও জলজল পটপট হৈ পৰিছে।

You May Also Like

More From Author