অসমত চলিত বিধানসভা অধিৱেশনত গৃহীত হ’ব UCC!

1 min read

অসমত অচিৰেই ইউনিফৰ্ম চিভিল ক’ড চমুকৈ UCC বলৱৎ কৰা হ’ব। চলিত বিধানসভা অধিৱেশনত UCC বিধেয়কখনৰ লগতে বহু বিবাহ প্ৰতিৰোধী আইনখনো উত্থাপন কৰা হ’ব। জানিব পৰা মতে, অহা ১০ ফেব্ৰুৱাৰীত কেবিনেটত UCC বিধেয়কক লৈ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে। বিধানসভাত এই বিধেয়কখন গৃহীত হ’লে উত্তৰাখণ্ডৰ পাছত UCC বলৱৎ কৰা অসম দ্বিতীয়খন ৰাজ্য হ’ব।

UCC বিধেয়ক গৃহীত হোৱাৰ পাছতেই অসমত ‘এক দেশ এক আইন’ প্ৰযোজ্য হ’ব। সকলো নাগৰিকৰ বাবে একেখন আইন হ’ব। অসমত ধৰ্মৰ ভিত্তিৰ আইনৰ ব্যৱস্থা নাথাকিব। UCC আইন হ’লে মুছলিম পাৰ্ছ’নেল ল’ (Muslim Personal Law), হিন্দু ল’ (Hindu Law) ব্যৱস্থাও নাথাকিব। লগতে অচিৰেই ৰাজ্যত সম নাগৰিক সংহিতা প্ৰণয়ন কৰা হ’ব। এই বিধেয়কখন বহু বিবাহ প্ৰতিৰোধী আইন হিচাপেও বিবেচিত হ’ব। বিজেপি, প্ৰধানমন্ত্ৰী মোদীয়েও বাৰম্বাৰ কৈ UCCৰ কথা কৈ আহিছে আৰু UCCৰ সপক্ষে পূৰ্বৰে পৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছিল।

You May Also Like

More From Author