জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল, CBIৰ ৫৯ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদনত কি কি আছে?

1 min read

অন্ত পৰিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ CBIৰ তদন্তৰ। CBIৰ তদন্তকাৰী বিষয়া মণিন্দৰ সিঙে মঙলবাৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰিলে ৫৯ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন। উক্ত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলতেই মৃত্যু হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। CBIএ নগাঁৱত ৰুজু হৈ থকা তিনিওটা গোচৰৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে।

উক্ত প্ৰতিবেদনত জোনমণি ৰাভাৰ হত্যা অথবা চৰম সিদ্ধান্তৰ বিষয়টো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই নগাঁও আৰক্ষীৰ পূৰ্বৰ অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, পৰিদৰ্শক মনোজ ৰাজবংশী আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে অভিযোগ তুলিছিল। কিন্তু CBIএ আটাইকেইগৰাকী বিষয়াকে দোষমুক্ত বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ সন্দৰ্ভত CBIএ ১১টা দফাও প্ৰতিবেদনত উল্লেখ কৰিছে। অৱশ্যে লখিমপুৰৰ নকল সোণৰ ব্যৱসায়ৰ ওপৰত CBIএ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰিছে। ৭মাহ ধৰি নগাঁও আৱৰ্ত্ত ভৱনত অস্থায়ী কাৰ্যালয় পাতি কাম-কাজ চলোৱা CBIৰ দলটোৱে আজি নগাঁৱৰ অস্থায়ী কাৰ্যালয় বন্ধ কৰি নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ উভতি যোৱাৰ কথাও জানিব পৰা গৈছে। নগাঁও জিলা সত্ৰ ন্যায়ধীশৰ আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বিষয়টো সংবাদ মাধ্যমক জনায় CBIৰ উপ-অধীক্ষক তথা তদন্তকাৰী বিষয়া মণিন্দৰ সিঙে।

You May Also Like

More From Author