পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ভাতৃ-ভগ্নীৰ

1 min read

হৃদয় বিদাৰক,মৰ্মান্তিক, শোকাৱহ! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলী। শোকাৱহ পথ দুৰ্ঘটনাত নিমিষতে থান-বান হৈ গ’ল এখন ঘৰ। মৃত্যু এতিয়া সহজ…! শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ভাতৃ-ভগ্নীসহ মুঠ ৪জন। ঘৰৰ পাবলৈ কিছু বাট থাকোতে অজান দেশলৈ গুচি গ’ল ভাতৃ-ভগ্নী।

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাসুঁতিত শোকাৱহ পথ দুৰ্ঘটনা। পুৱাই পথৰ কাষত ৰৈ থকা অৱস্থাত TATA PUNCH বাহনৰ থিতাতে নিহত হয় ভাতৃ-ভগ্নী। নিহত ১৯ বছৰীয়া ভাতৃ আজা চুংক্ৰাঙ আৰু ২২ বছৰীয়া জয়া চুংক্ৰাঙ। দুৰ্ঘটনা ইমানে ভয়াৱহ আছিল যে তীব্ৰবেগী TATA PUNCH বাহনখনে প্ৰায় ১০০ মিটাৰ মহটিয়াই লৈ গৈছিল ভাতৃ-ভগ্নীক। পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী বাহনে মহটিয়ালৈ নিলে ভাতৃ-ভগ্নীক। বগীবিলৰ পৰা আহি পথ অতিক্ৰম কৰিবলৈ লৈছিল জয়া আৰু আজা চুংক্ৰাঙে।

কেৱল এয়াই নহয়, তীব্ৰবেগী TATA PUNCH বাহনখনে মহটিয়াই নিলে বাইক এখনকো। এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে, এজন বাইক আৰোহীৰ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়।

You May Also Like

More From Author