পেৰাচিটামল (Paracetamol) ঔষধ ইমানেই জনপ্ৰিয় হৈ পৰিছে যে কোৱাৰ বিশেষ প্ৰয়োজন নাই। জ্বৰ, চৰ্দি, গাঁঠিৰ বিষ, চকুৰ বিষ আদি বহু সমস্যাৰ বাবে মানুহে এই টেবলেট খায়। কিন্তু চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে মানুহক সকীয়াই দিছে। শেহতীয়াকৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পেৰাচিটামলৰ সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে। এন্দুৰৰ ওপৰত কৰা এই গৱেষণাৰ পৰা দেখা গৈছে যে পেৰাচিটামলৰ অত্যধিক ব্যৱহাৰ বা অতিমাত্ৰা সেৱনে যকৃতৰ ক্ষতি কৰিব পাৰে।
বিষ নিৰাময়ৰ বাবে সমগ্ৰ বিশ্বতে পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰা হয়, গতিকে এই অধ্যয়নৰ ফলাফল গুৰুত্বপূৰ্ণ। এই ঔষধ পশ্চিমীয়া দেশসমূহত Acetaminophen নামেৰে জনাজাত। এডিনবাৰ্গ আৰু অছল’ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ লগতে স্কটিছ নেশ্যনেল ব্লাড ট্ৰান্সফিউজন চাৰ্ভিচৰ বিশেষজ্ঞৰে গঠিত এটা গৱেষণা দলে নিজৰ তথ্য চাইন্টিফিক ৰিপ’ৰ্টছ আলোচনীত প্ৰকাশ কৰিছে।
এই অধ্যয়নটো জৈৱ প্ৰযুক্তি, জৈৱ বিজ্ঞান গৱেষণা পৰিষদ, মুখ্য বিজ্ঞানীৰ কাৰ্যালয়ৰ দ্বাৰা সমৰ্থিত হৈছিল। অধ্যয়নটোত দেখা গৈছে যে পেৰাচিটামলে যকৃতৰ কোষৰ মাজৰ গাঁথনিগত সংযোগ বিঘ্নিত কৰে, যিবোৰ অংগৰ কাৰ্য্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ বিঘিনি ঘটিলে কিছুমান বিশেষ পৰিস্থিতিত যকৃতৰ ক্ষতি হ’ব পাৰে। যকৃত আৰু বৃক্কৰ ৰোগ নথকা প্ৰাপ্তবয়স্কৰ প্ৰতি ৪-৬ ঘণ্টাৰ মূৰে মূৰে ৬৫০-১০০০ মিলিগ্ৰাম, প্ৰতিদিনে ৩,০০০ মিলিগ্ৰামতকৈ অধিক হ’ব নালাগে। কিন্তু ৬০০০ মিলিগ্ৰাম বা তাতকৈ অধিক মাত্ৰাত যকৃতৰ বিকলতাকে ধৰি যকৃতৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।
ভাৰতত পেৰাচিটামল সেৱনকাৰীৰ সংখ্যা বেছি যদিও অতিমাত্ৰা সেৱনৰ ৰিপৰ্ট কম। পশ্চিমীয়া দেশত বিভিন্ন ধৰণৰ বিষনাশক হিচাপে ব্যৱহাৰ কৰা হয় যদিও ভাৰতত সাধাৰণ আৰু তীব্ৰ বিষৰ বাবে কেৱল পেৰাচিটামল টেবলেটহে ব্যৱহাৰ কৰা হয়। এই অভ্যাসৰ ফলত অতিমাত্ৰা ব্যৱহাৰ হ’ব পাৰে। ইয়াৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই টেবলেটসমূহৰ অতিমাত্ৰা সেৱন হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে। আগতীয়াকৈ ধৰা পেলালে উপযুক্ত প্ৰতিষেধকৰ দ্বাৰা ডাঙৰ বিপদ ৰোধ কৰিব পাৰি। বিশেষকৈ লিভাৰ বিকল হোৱাৰ ভাবুকিৰ পৰা হাত সাৰিব পাৰি।
জ্যেষ্ঠ পৰামৰ্শদাতা চিকিৎসক, ডায়েবেট’লজিষ্ট আৰু স্বাস্থ্যসেৱা বিশেষজ্ঞ ডাঃ কে সোমনাথ গুপ্তাই শেহতীয়াকৈ এছিয়ান এজ ৱেবছাইটৰ সৈতে কথা পাতি গ্ৰাহকৰ বাবে কঠোৰ মাত্ৰাৰ নিয়ম আৰু স্পষ্ট নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লিভাৰৰ ক্ষতিৰ লক্ষণৰ বিষয়ে মানুহক অৱগত কৰাটো প্ৰয়োজন। যকৃতৰ কাৰ্য্যক্ষমতা নিয়মীয়াকৈ নিৰীক্ষণ কৰাটোও বাঞ্ছনীয়। তেওঁ কয় যে এই সক্ৰিয় পদ্ধতিৰে যকৃত ৰক্ষা কৰিব পৰা যাব। যকৃতৰ ক্ষতিকাৰক ঔষধৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিকল্প চিকিৎসাৰ আহ্বান জনোৱা হৈছে।
Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।