আজি শিলসাঁকোৰ পাৰত পুনৰ উচ্ছেদ অভিযান চলিছে। পাথৰকুঁৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। GMDA, জিলা প্ৰশাসনে উচ্ছেদ চলাই তিনিটাকৈ বাসগৃহ ইতিমধ্যে ভাঙিছে। নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ ঘৰ উচ্ছেদ কৰা হৈছে।
উল্লেখ্য যে, শিলসাঁকো পাৰৰ বাসিন্দাই উচ্চতম ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছিল। এই গোচৰত আদালতে স্থাগিতাদেহ জাৰী কৰিছিল। কিন্তু আদালতে প্ৰশাসনৰ সপেক্ষে ৰায়দান কৰাত GMDAএ আজি পুনৰ শিলসাঁকোৰ পাৰত (Eviction at Silsako beel) উচ্ছেদ অভিযান আৰম্ভ কৰে।
মন কৰিবলগীয়া যে, শিলসাঁকো বিলৰ পাৰত অবৈধভাৱে মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰা লোকসকলৰ ঘৰ উচ্ছেদ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জনাইছিল। বিগত বৰ্ষতো ফেব্ৰুৱাৰী মাহত উচ্ছেদ অভিযান চলিছিল। ইয়াৰ পিছতেই উচ্ছেদিত লোকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়া, বহিৰাগতক নহয়, থলুৱাক মাটি দিয়ক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তুলিছিল। লগতে চৰকাৰখনে শিলসাঁকোত কেৱল বাচি বাচি থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতি বৃহৎ বৃহৎ অট্টালিকাত উচ্ছেদ চলোৱা নাই বুলি একাংশই অভিযোগো উত্থাপন কৰিছিল।