১১ হাজাৰ কোটিৰো অধিক প্ৰকল্পৰ উপহাৰেৰে প্ৰধানমন্ত্ৰী মোদীয়ে আজি বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

1 min read

দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীক বাৰেৰহণীয়া কাৰ্যসূচীৰে উষ্ম আদৰণি জনোৱা হয়। দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনটোত নৰেন্দ্ৰ মোদীয়ে অসমবাসীক সম্বোধন কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰায় ডেৰ লাখ লোকৰ বিশাল জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছতেই মোদীয়ে প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ ১৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় কৰিব। উল্লেখ্য যে, দেওবাৰৰ দিনটোত ৰাজ্যবাসীলৈ ১১ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প উপহাৰ আগবঢ়াব। এই উপহাৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেন অসমত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীৰ বাবে আজি পুৱাৰে পৰাই খানাপাৰালৈ জনতাৰ সোঁত ববলৈ আৰম্ভ হৈছে।

উল্লেখ্য যে, এই জনসভাতে প্ৰধানমন্ত্ৰী মোদীয়ে ৪৯৮ কোটিৰ কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। লগতে তেওঁ ৩,৪০০ কোটি টকাৰ অসমমালা-২ আঁচনি উদ্বোধন কৰিব। ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেহৰু ষ্টেডিয়াম আইক’নিক প্ৰকল্পৰ আধাৰশিলা কৰাৰ উপৰিও চন্দ্ৰপুৰতো ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ৩,২৫০ কোটি টকাৰ GMCHৰ নতুন চিকিৎসালয় ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে কৰিমগঞ্জ মেডিকেল কলেজৰ আধাৰশিলাও স্থাপন কৰিব। আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ বেতকুছিত ইউনিটী মলৰ আধাৰশিলাও স্থাপন কৰিব।

মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে কালিৰে পৰা দুদিনৰ বাবে গুৱাহাটীৰ কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জি.এছ.ৰোড, পাঞ্জাবাৰী পথ, ছয় মাইল–নাৰেংগী ৰোড, ত্ৰিপুৰা (গলী) ৰোড, বেলতলা বজাৰ ৰোড, বেলতলা–বশিষ্ঠ ৰোডত ৩ চকীয়া আৰু তাৰ ওপৰৰ সামগ্ৰী কঢ়িয়াই নিয়া বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে, জৰুৰীকালীন বাহন যেনে এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আদিৰ চলাচলত কোনোধৰণৰ বাধা নাথাকিব।

You May Also Like

More From Author