লোকসভা নিৰ্বাচনৰ পূৰ্বে সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ২০১৮ চনৰ এক গোচৰত জামিন লাভ কৰিলে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ ‘আপত্তিজনক’ মন্তব্য কৰাৰ অভিযোগ উঠিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হৈছিল উত্তৰ প্ৰদেশৰ আদালতত। মঙলবাৰে সেই গোচৰত উত্তৰ প্ৰদেশৰ ছুলতানপুৰৰ বিশেষ আদালতে ৰাহুল গান্ধীৰ জামিন আবেদন মঞ্জুৰ কৰে।
পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ২০১৮ চনৰ ৪ আগষ্টত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপি নেতা বিজয় মিশ্ৰই। তেওঁৰ অভিযোগ আছিল, শ্বাহৰ বিৰুদ্ধে কুৰুচিকৰ মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশৰ ছুলতানপুৰত সাংসদ-বিধায়কৰ বাবে নিৰ্দিষ্ট আদালতত সেই গোচৰ শুনানি চলিছিল।
অভিযোগকাৰীৰ সেই সময়ত অভিযোগ আছিল, ‘‘ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী সম্পৰ্কে ‘আপমানজনক’ মন্তব্য কৰিছে। অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি অভিযোগ তুলি ৰাহুল গান্ধীয়ে আক্ৰমণ কৰিছে, যিটো একেবাৰেই উচিত নহয়। আমি বিজেপি দলৰ একনিষ্ঠ কৰ্মী। সেয়ে এই মন্তব্যৰ তীব্ৰ নিন্দা কৰিছো। আদালতত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো।’’
এই গোচৰৰ ভিত্তিত ৰাহুল গান্ধীক একাধিকবাৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। মঙলবাৰে ৰাহুল গান্ধীৰ গোচৰৰ শুনানিত ২৫ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত কংগ্ৰেছ নেতাগৰাকীৰ জামিন আবেদন মঞ্জুৰ কৰে আদালতে।
বিগত বৰ্ষৰ মাৰ্চ মাহত গুজৰাটৰ চুৰাট আদালতে বিজেপি নেতা পূৰ্ণেশ মোদীয়ে ৰুজু কৰা গোচৰত ৰাহুল গান্ধীক দুবছৰৰ কাৰাবাসৰ শাস্তি বিহিছিল। যাৰ ফলত ৰাহুল গান্ধীৰ লোকসভাৰ সদস্যপদ গুচি গৈছিল। পিছত উচ্চতম ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰাত ঘূৰাই পায় সেই সদস্যপদ।