এইবাৰ দুই অসম কন্যাই মালয়েছিয়াত বক্তৃতা প্রদান কৰি আজমল পৰিয়ালৰ সগতে অসমবাসীৰ মন জয় কৰিছে। দেশৰে লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই ছাত্রী দুগৰাকীয়ে এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত উজলিছে। মৰমলগা ছাত্রী দুগৰাকী হৈছে হোজাই নাজিৰ আজমল মেম’ৰিয়েল বি এড কলেজৰ ছাত্ৰী আফবিন হুছেইন আৰু মিৰজলিন থিমুংপি। ছাত্রী দুগৰাকীক অলপতে আজমলে মালয়েছিয়াৰ কুৱালালামপুৰত এটি বক্তৃতা প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলামৰ তৎপৰতাত পঠিয়াইছিল, য’ত ১৯৩খন দেশৰ মাজত প্রতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াৰে ভাৰতৰ পৰা মাত্র ৪গৰাকী শিক্ষার্থীয়ে অংশগ্রহণ কৰিছিল উত্ত প্রতিযোগিতাত। ভাৰতৰ চাৰিগৰাকীৰ ভিতৰত এগৰাকী কেৰালাৰ, এগৰাকী পঞ্জাবৰ আৰু আন দুগৰাকী অসমৰ হোজাইৰ। অসমৰ এই দুগৰাকী ছাত্রী হৈছে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নাজিৰ আজমল মেমৰিয়েল বি এড কলেজৰ ছাত্ৰী। ছাত্রী দুগৰাকীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত এছিয়া য়ুথ ইণ্টাৰনেচনেল মডেল ইউনাটেড নেচন্দ্ৰ শীৰ্ষ আলোচনা- চক্রত বক্তৃতা প্রদান কৰি দুয়োগৰাকী ছাত্ৰীয়ে বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ছাত্রী দুগৰাকীক আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলামৰ তৎপৰতাত মৌলানা বদরুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলে অহা-যোৱাৰ ব্যৱস্থা কৰি দিছিল, য’ত প্রায় ডেৰ লাখ টকা খৰচ হৈছে। ছাত্রী দুগৰাকীৰ সফলতাত সাংসদ মৌলানা বদৰুদ্দিন আজমল, বিধায়ক মহম্মদ ছিৰাজুদ্দিন আজমল আৰু আজমল বি এড কলেজ কর্তৃপক্ষ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। কৃতী ছাত্রী দুগৰাকীৰ সৈতে বদৰুদ্দিন আজমলে বার্তালাপ কৰি সম্বৰ্ধনা জনায়। ইপিনে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলেও কৃতী ছাত্রী দুগৰাকীক শুভেচ্ছা জনায়।
মালয়েছিয়াৰ কুৱালালামপুৰত বক্তৃতা প্রতিযোগিতাত স্থান লাভ অসমৰ দুই ছাত্ৰীৰ
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025