NRC সন্দৰ্ভত সদনত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

1 min read

NRC সন্দৰ্ভত বিধানসভাৰ অধিৱেশনত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ প্ৰশ্নত গুৰুত্বপূৰ্ণ মন্তব্য দিলে মুখ্যমন্ত্ৰীয়ে।

‘‘উচ্চতম ন্যায়ালয়ৰ যেতিয়া খচৰা NRC পৰ্যায়ত আছিলে আমাক ২৭ লাখ মানুহৰ বায়’মেট্ৰিক সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিলে। আমি তেতিয়া বায়’মেট্ৰিকখিনি সংগ্ৰহ কৰো। উচ্চতম ন্যায়ালয় ২০১৯ চনৰ ১৩ আগষ্টত অনা এটা নিৰ্দেশ দিয়ে যে এই তথ্য বিলাকৰ সংৰক্ষণ হ’ব লাগিব। আৰু যিসকলৰ NRCত নাম সোমাব তেওঁলোকে আধাৰ কাৰ্ড ঘূৰাই পাব। যিসকলৰ নাম সোমোৱা নাই তেওঁলোকে ত্ৰিবোনেলৰ ৰায়ৰ পিছত আধাৰকাৰ্ড ঘূৰাই পাব।’’

‘‘এই সিদ্ধান্তৰ পিছত ভাৰত চৰকাৰৰ RGIএ NRCখন ন’টিফাই কৰিব লাগে। কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আনুষ্ঠানিকভাৱে ন’টিফাই কৰা নাই। NRCৰ এতিয়ালৈকে এটা প্ৰক্ৰিয়াহে হৈ গ’ল, কিন্তু এতিয়ালৈ ন’টিফাই হোৱা নাই।’’

‘‘লগতে তথ্য নিৰপত্তাৰ বিষয়েও আমাক কোৱা হৈছিল। আমাৰ আহিলালে আমি কিদৰে তথ্যৰ নিৰাপত্তা কৰিব পাৰো সেই বিষয়ে আমি ভাৰত চৰকাৰৰ অৱগত কৰিছো। দুয়োটা বিষয়ে ভাৰত চৰকাৰৰ বিবেচনাধীন হৈ আছে।’’

‘‘আমি কেবিনেট কমিটীও গঠন কৰি দিছিলো। আৰু কমিটীখনে সিদ্ধান্ত দিছিল যে, অন্তত চূড়ান্ত NRCত নাম থকা মানুহক আমি আধাৰ কাৰ্ড দিব পাৰে যাতে। কিন্তু বিষয়টো যেতিয়া উচ্চতম ন্যায়ালয়ত যায়, তেতিয়া আধাৰ কাৰ্ডৰ পৰা বঞ্চিতসকল সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰক দায়িত্ব দিয়ে।? আৰু কেন্দ্ৰীয় চৰকাৰে এখন অফিছ মেম’ৰেণ্ডাম উলিয়াই।’’

‘‘লাহে লাহে আমি এই বিষয়টো সমাধানৰ বাবে লৈ আহি আছো। ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হোৱা যোগ্যতা থকা সকলোয়ে এই সমস্যাৰ পৰা মুক্ত হ’ব। এই বিষয়ৰ চূড়ান্ত সিদ্ধান্ত দেশৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব।’’

You May Also Like

More From Author