ডায়েবেটিছ ৰোগীৰ হাৰ্ট এটেক কিয় বেছি হয় আপুনি জানেনে?

1 min read

ডায়েবেটিছ ৰোগীৰ আন লোকতকৈ হৃদৰোগৰ প্ৰৱণতা বেছি থাকে বুলি চিকিৎসসকলে সকীয়াই দিয়ে। টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকৰ হৃদৰোগত মৃত্যু হোৱা পৰিলক্ষিত হয়। হৃদৰোগ প্ৰতিৰোধৰ বাবে কেইবাটাও কথা মানি চলাটো উচিত। আপুনি প্ৰথমে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্পৰ্ক বুজিব লাগিব।

এই দুটা ৰোগৰ মাজত সম্পৰ্ক: আন লোকতকৈ ডায়েবেটিছ ৰোগীৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি। ডায়েবেটিছ ৰোগীৰ যদি তেজত চুগাৰৰ মাত্ৰা বেছি হয়, তেন্তে ই ৰক্তবাহী নলীত প্ৰভাৱ পেলায়। ক্ষতিগ্ৰস্ত স্নায়ুয়ে অৱশেষত হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি কৰাৰ সম্ভাৱনা থাকে।

ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ হোৱাৰ কেইবাটাও বিপদজনক কাৰক থাকিব পাৰে। ইয়াৰ ভিতৰত উচ্চ ৰক্তচাপ, অস্বাভাৱিক কলেষ্টেৰলৰ মাত্ৰা, মেদবহুলতা আদি অন্যতম। ইয়াৰ বাবেই ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ প্ৰৱণতা বেছি থাকে।

আন এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে যে ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ লগত জড়িত বুকুৰ বিষ বা হৃদৰোগৰ দৰে কোনো সতৰ্কবাণীৰ চিন নাথাকে। কিন্তু ইয়াৰ পৰিৱৰ্তে উশাহ লোৱাত কষ্ট পোৱা, ভাগৰুৱা অনুভৱ কৰা আৰু বমি ভাব ডায়েবেটিছ ৰোগীৰ মাজত দেখা দিয়া সাধাৰণ লক্ষণ। গতিকে তেওঁলোকে চিকিৎসালয়লৈ গৈ পৰীক্ষা কৰি হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিৰোধ কৰিব পাৰিব।

সাৱধানতা: নিয়মিত ব্যৱধানত আপুনি তেজত চুগাৰ, ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা নিৰীক্ষণ কৰিব। তেতিয়াহে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰিব।

ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য পৰিচালনাৰ বাবে সুস্থ জীৱনশৈলী বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। ফল-মূল, শাক-পাচলি, গোটা শস্য, প্ৰ’টিন, নিয়মীয়া ব্যায়াম দিনচৰ্চাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু মানসিক চাপমুক্ত হ’বলৈ চেষ্টা কৰিব লাগিব।

সুষম আহাৰ গ্ৰহণ কৰাৰ বিপৰীতে ধূমপান, মদ্যপান পৰিহাৰ কৰিব লাগিব। এই জীৱনশৈলীৰ পৰিৱৰ্তনে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে।

ডায়েবেটিছ আৰু হৃদৰোগ চিকিৎসাৰ দ্বাৰাহে নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। এই ৰোগবোৰে যাতে জীৱন সংকটজনক নকৰে তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ আৰু তেওঁলোকে দিয়া ঔষধ সঠিকভাৱে গ্ৰহণ কৰিব লাগে। (Disclaimer: এই প্ৰতিবেদন ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ওপৰত ভিত্তিত লিখা হৈছে। সঠিক তথ্যৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।)

You May Also Like

More From Author