নাৰিকল খালে দ্ৰুত গতিত কমিব শৰীৰৰ ওজন, কি ক’লে চিকিৎসকে?

0 min read

নাৰিকলৰ বহু উপকাৰিতা আছে। তাৰ ভিতৰত এটা হ’ল নাৰিকলে ওজন হ্ৰাস কৰাত সহায় কৰে। জানো আহক নাৰিকলে আমাৰ শৰীৰৰ ওজন কমাবলৈ কেনেদৰে সহায় কৰে

অৱশ্যে নাৰিকল খোৱাৰ যিমান উপকাৰিতা আছে সমান্তৰালকৈ নাৰিকল বেছিকৈ খালে সমস্যাৰ সৃষ্টিও হ’ব পাৰে। গতিকে এগৰাকী চিকিৎসক ডাঃ অংকিতা দাসে এই বিষয়ে সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে। বেছিকৈ নাৰিকল খালে পেটৰ সমস্যা হ’ব পাৰে। এচিডিটিৰ সমস্যা থাকিলে বৃদ্ধি হ’ব পাৰে।

নাৰিকলত প্ৰচুৰ পৰিমাণে আঁহ (ফাইবাৰ) থাকে। আঁহযুক্ত যিকোনো খাদ্যই ওজন কমাবলৈ সহায় কৰে। নাৰিকলত অদ্ৰৱণীয় আঁহ থাকে। নাৰিকলত আঁহৰ পৰিমাণ বেছি হোৱাৰ উপৰিও কাৰ্বহাইড্ৰেট পৰিমাণ যথেষ্ট কম থাকে।

ফলত নাৰিকল খালে ওজন কমি যায়। নাৰিকলৰ লগত বিভিন্ন সুস্বাদু খাদ্য তৈয়াৰ কৰিব পাৰি। সেই খাদ্যসমূহো আপোনালোকে খাব পাৰে।

বহুতৰে সকলো সময়তে ভোক অনুভৱ কৰি থাকে। নাৰিকলে খালে ভোক লগাও কমি যায়। নাৰিকলত ট্ৰাইগ্লিচাৰাইড চৰ্বি থাকে, যিয়ে আমাৰ ভোক কমাই দিলে।

জলপান হওক বা দুপৰীয়াৰ আহাৰ,সকলোতে নাৰিকল খাব পাৰে। বহুতে নাৰিকল ক্ৰীম আৰু চেনিৰ লগত মুড়ি খাবলৈ ভাল পায়। এই খাদ্যই পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে।

You May Also Like

More From Author