বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ফৰ্চুনাৰে মহতিয়ালে যাত্ৰীবাহী টেম্প’ক

1 min read

বঙাইগাঁৱৰ দেউৰীপাৰাত নিশা ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ফৰ্চুনাৰে টেম্পোত খুন্দিওৱাৰ ফলত এজন যাত্ৰী নিহত হোৱাৰ লগতে আন দহগৰাকী যাত্ৰী আহত হয়৷ ফৰ্চুনাৰখনৰ চালকে টেম্পোত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিহত যাত্ৰীজনৰ নাম বিষু চৌধুৰী বুলি জানিব পৰা গৈছে। আহত টেম্প’ যাত্ৰীসকল ক্ৰমে অনামিকা বড়ো, শান্তি ৰায়, প্ৰভাতি কলিতা, অনিমা ৰায়, খনীন্দ্ৰ ৰায় (টেম্পোৰ চালক), ৰীণা মেধি, চয়নিকা সৰকাৰ, দীপাঞ্জলি দত্ত, গীতাঞ্জলি সূত্ৰধৰ আৰু লুকুমণি সৰকাৰ।

ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক আৰু উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাকী ছয়জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত মহিলাসকল কেটাৰিং দলৰ সদস্যা।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ফৰ্চুনাৰখন উত্তৰ শালমাৰা আৰক্ষীয়ে জব্দ কৰে। ফৰ্চুনাৰত আছিল তিনি সুৰাসক্ত যুৱক আৰু এগৰাকী যুৱতী। কেটাৰিং গ্ৰুপৰ মহিলাৰ দলটোৱো কাৰ্য সম্পাদন কৰি ঘৰলৈ উভতিছিল।

ঘটনা সংক্ৰান্তত বঙাইগাঁও সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উত্তৰ শালমাৰা-বঙাইগাঁও সংযোগী ৰাজ্যিক ঘাইপথ সংঘটিত হয় এই দুৰ্ঘটনা।

You May Also Like

More From Author