এসপ্তাহৰ ভিতৰতে কৰিব লাগিব কন্যাৰ সৈতে বিয়া, বিনিময়ত পিতৃয়ে দিব খালী চেক, ইচ্ছানুসৰি ধন লাভ কৰিব জোঁৱায়ে!

1 min read

এগৰাকী পিতৃৰ বাবে কন্যাৰ বিবাহ তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ঘটনা। ভাৰতত কন্যা সন্তান জন্ম হোৱাৰ লগে লগে পিতৃয়ে সঞ্চয় কৰিবলৈ আৰম্ভ কৰে। প্ৰতিজন পিতৃয়ে নিজৰ কন্যাৰ বিবাহখন ধুমধামেৰে পাতি দিয়াৰ সপোন দেখে। আগতে মানুহে আত্মীয়ৰ যোগেদি বৈবাহিক সম্পৰ্ক ঠিক কৰিছিল। ইয়াৰ পিছত আহিল অনলাইন মেট্ৰিমনিয়েল ছাইটৰ যুগ, য’ত মানুহে নিজৰ পছন্দ অনুসৰি পাত্ৰ বা পাত্ৰীৰ সন্ধান লাভ কৰিব পাৰে। কিন্তু শেহতীয়াকৈ বিবাহৰ বাবে পাত্ৰ সন্ধান কৰাৰ এক নতুন পদ্ধতিৰ উন্মেষ ঘটিছে।

সময়ৰ লগে লগে মানুহৰ জীৱনত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান সময়ত ছচিয়েল মিডিয়াত সকলো সক্ৰিয় হৈ থাকে। ইয়াৰ বাবেই এতিয়া ছ’চিয়েল মিডিয়াতো এচাম লোক সক্ৰিয় হৈ পৰিছে, যিয়ে পাত্ৰ-পাত্ৰীৰ বিবাহৰ বাবে উপযুক্ত সংগী বিচাৰিবলৈ আৰম্ভ কৰিছে। ইনষ্টাগ্ৰাম একাউণ্টতো একাংশ অবিবাহিত যুৱক-যুৱতীয়ে নিজৰ বাবে পাত্ৰ-পাত্ৰী বিচাৰি থকা দেখা যায়। তেনে এটা একাউণ্টতে এজন পিতৃয়ে নিজৰ কন্যাৰ বাবে পাত্ৰ বিচাৰিছে।

দৰাই লাভ কৰিব এই সুবিধা
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো হাৰিয়ানাৰ বুলি কোৱা হৈছে। ভিডিঅ’টোত পিতৃ আৰু তেওঁৰ কন্যাক দেখা গৈছে। ভিডিঅ’টোত পিতৃগৰাকীয়ে কয় যে এসপ্তাহৰ ভিতৰতে তেওঁৰ কন্যাক বিয়া কৰাব লাগিব। যিয়ে তেওঁৰ কন্যাক বিয়া কৰাব, তেওঁ সেই পাত্ৰগৰাকীক এখন খালী চেক দিব, য’ত পাত্ৰজনে নিজৰ পছন্দ অনুসৰি টকাৰ পৰিমাণ লিখি ল’ব পাৰিব। তথ্য দিওঁতে ভিডিঅ’টো বনোৱা ব্যক্তিজনে কয় যে ব্যক্তিজনৰ ডাঙৰ ব্যৱসায় আছে। সেয়েহে তেওঁৰ ধনৰ অভাৱ নাই। যিয়ে তেওঁৰ কন্যাক বিয়া কৰাব তেওঁক বৃহৎ পৰিমাণৰ ধন দিয়া হ’ব।

উপভোগ কৰিছে নেটিজেনে
কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াত এনে বহু ঘটনা দেখিবলৈ পোৱা গৈছে। ইয়াত কোনোবাই কন্যাৰ বাবে পাত্ৰ আৰু কোনোবাই পত্নীৰ বাবে পাত্ৰ বিচাৰি থকা দেখা যায়। বিনিময়ত বহু টকা আৰু সম্পত্তি দিয়া হ’ব বুলিও কোৱা হয়। অৱশ্যে এই প্ৰচাৰসমূহৰ অধিকাংশই ভুৱা। মানুহে সৰ্বাধিক লাইক পাবলৈ এনে ভিডিঅ বনাই শ্বেয়াৰ কৰে। এইজন পিতৃৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ লগে লগে কমেণ্টত বহু যুৱকৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে। এজনে লিখিছে যে মে’ মাহত তেওঁৰ পঢ়া-শুনা শেষ হ’ব। তেতিয়ালৈকে অপেক্ষা কৰিব পাৰিবনে?

You May Also Like

More From Author