গুৱাহাটীৰ মাজমজিয়াত জঘন্য ঘটনা, অপহৰণ কৰি দুই কিশোৰীৰ সৈতে অপকৰ্ম পাষণ্ডৰ দলৰ, তাৰ পিছত…

1 min read

গুৱাহাটীৰ মাজমজিয়াত নিৰ্ভয়া কাণ্ডসদৃশ জঘন্য ঘটনা। দুই কিশোৰীক প্ৰথমে অপহৰণ আৰু তাৰ পিছত চলন্ত বাহনত অপকৰ্ম তিনি পাষণ্ডৰ। হোলীৰ আনন্দৰ মাজতে সংঘটিত হ’ল এই শিহৰণকাৰী ঘটনা। অপকৰ্মৰ পিছত দুয়োগৰাকী কিশোৰীক মুৰ্মুষূ অৱস্থাত গাড়ীৰ পৰা পেলাই থৈ গ’ল ৰাজপথত।

কাহিলীপাৰাত উদ্ধাৰ হৈছিল কিশোৰী দুগৰাকী। আৰক্ষীয়ে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

প্ৰথমে দুই কিশোৰীক অপহৰণ কৰা হৈছিল। এখন বগা ৰঙৰ ইনোভাত উঠাই অনা হৈছিল কিশোৰী দুগৰাকীক। গণেশগুৰিত আহি ৰৈছিল ইন’ভাখন। গণেশগুৰি উৰণীয়া সেতুৰ তলতে কিশোৰী দুগৰাকীৰ ওপৰত জপিয়াই পৰে পাষণ্ডৰ দলটো। অপকৰ্ম সংঘটিত কৰি কিশোৰী দুগৰাকীক কাহিলীপাৰাত পেলাই থৈ আহে যুৱকৰ দলটোৱে।

এই জঘন্য ঘটনা সন্দৰ্ভত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত অভিযুক্ত দুজনৰ নাম ৰাজু আলী আৰু মণ্ডল আলী। ঘটনাৰ সৈতে জড়িত আন কেইবাজনো এতিয়াও পলাতক বুলি জানিব পৰা গৈছে। এই ঘটনাৰ মূল মাষ্টাৰমাইণ্ড ইনামূল হকো বৰ্তমান পলাতক। গুৱাহাটীৰ মাজমজিয়াত এখন ইন’ভা বাহনৰ ভিতৰত সংঘটিত কৰা এই জঘন্য ঘটনাই জোকাৰি গৈছে প্ৰতিজন সচেতন লোকৰ মন-মগজু।

You May Also Like

More From Author