লিভাৰৰ কাৰ্যক্ষমতা বঢ়োৱা কিছুমান সহজলভ্য বনৌষধি..

1 min read

লিভাৰৰ কাৰ্যক্ষমতা বঢ়োৱা কিছুমান সহজলভ্য বনৌষধি তলত উল্লেখ কৰা হৈছে।যেনে:-

(১).#কালমেঘ( Andrographis paniculata) এইবিধ বনৌষধিৰ বিষয়ে সকলোৱেই জানে। সংস্কৃতত ইয়াক ভূনিম্ব বুলি কোৱা হয়। অত্যাধিক তিতা সোৱাদ যুক্ত হোৱা বাবে ভূ অৰ্থাৎ ভূমিৰ নিম বুলিও কব পাৰি। ঔষধি গুণ সম্পন্ন কালমেঘ বিভিন্ন ৰোগত উপকাৰী ,বিশেষকৈ যকৃত বা লিভাৰক সুৰক্ষা প্ৰদান কৰি বিভিন্ন লিভাৰ জনীত ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰে। সপ্তাহত এখিলা বা দুখিলা পাত সেৱন কৰিলে সুফল পোৱা যায়। যকৃত ৰোগৰ বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ ই এক অন্যতম উপকৰণ। প্ৰত্যেকেই নিজৰ ঘৰতে এইবিধ বনৌষধি ৰুই লোৱা উচিত।

(২). #ভূঁই_আমলখি( Phyllanthus niruri). অসমীয়াত বন আমলখি বুলিও কোৱা হয়। বাৰীৰ চুকে কোনে দেখা পোৱা এবিধ সুলভ বনৌষধি। দেখাত একেবাৰে এজোপা সৰু আমলখি গছৰ দৰে, পাতৰ তলত সৰু সৰু আমলখিৰ দৰে গুটি লাগি থাকে থাকে।এইবিধ বনৌষধি বিভিন্ন ৰোগত উপকাৰী যদিও মুখ্যতঃ বিভিন্ন যকৃত ৰোগত উৎকৃষ্ট । জণ্ডিচ ৰোগত ইয়াৰ ৰস মিচিৰি দি খালে সুফল পোৱা যায়।এক চামুচ ৰস, অলপ তাল মিচিৰি দি একাপ পানীত মিহলাই দিনে এপালি বা দুপালি কৰি খাব লাগে। ক্ৱাথ বনাই খালেও সুফল পোৱা যায়।

(৩). #বেল :-সকলোৰে প্রিয় বেলৰ চৰবত পেটৰ বিভিন্ন ৰোগত উপকাৰী। ই যকৃতৰ কাৰ্য্য ক্ষমতা বৃদ্ধি কৰি সুস্থ ৰাখে। সেয়েহে মাজে মাজে বেল বা বেলৰ চৰবত খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী।

(৪). #পদিনা :- পদিনাৰ ঔষধি গুণ সৰ্বজন বিদিত। পদিনাৰ ৰসে পিত্তৰসৰ( bile) উৎপাদন বৃদ্ধি আৰু চলাচল( flow) বৃদ্ধি কৰে যাৰ বাবে এই পিত্তৰসে অতিৰিক্ত চৰ্বিৰ বিপাক কাৰ্য্য খৰতকীয়া কৰে আৰু ই যকৃতৰ শোধন (detoxification)কৰে। দৈনিক খাদ্য তালিকাত পদিনাক ৰাখিব লাগে। চাটনি বা বিভিন্ন ব্যঞ্জনত দি খাব পাৰি। ইচ্ছা কৰিলে পদিনাৰ ঔষধি চাহ বনাইও খাব পাৰি। দুকাপ পানীত ১০ খিলামান পাত সিজাই একাপ হোৱাৰ পাছত গেছ বন্ধ কৰিব। কুহুমীয়া হলে নেমুৰ ৰস আৰু অকণমান মৌ দি খাব। এই চাহ এক উৎকৃষ্ট ডিটক্স ড্ৰিংক।

(৫). #তুলসী:- সৰ্বৰোগ নাশক বনৌষধি তুলসীৰ উপকাৰীতা কৈও শেষ কৰিব নোৱাৰি। বিভিন প্ৰকাৰৰ ৰোগ যেনে কেঞ্চাৰ

(বিশেষকৈ লিভাৰ কেঞ্চাৰ), বিপাকজনীত ৰোগ যেনে ইউৰিক এচিডৰ সমস্যা, আৰ্থ্ৰাইটিচ, কফজনীত বিভিন্ন ৰোগ আদিত তুলসী উপকাৰী। তুলসীয়ে লিভাৰৰ শোধন( cleansing) কৰি ইয়াক কাৰ্যক্ষম কৰি ৰাখে। দিনে ৩ বা ৫ খিলাকৈ তুলসী পাত খালে যকৃত ৰোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

(৬). #আমলখি:- প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এন্টিঅক্সিডেন্ট থকাৰ বাবে ই অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ উলিয়াই যকৃতৰ শোধন আৰু সুৰক্ষা কৰে। যকৃতৰ বিভিন্ন ৰোগত ই উপকাৰী কাৰণ যকৃত কোষৰ বিকৃতি ৰোধ কৰে। সেয়েহে হেপাতাইটিছ, ফেটি লিভাৰ, চিৰচিছ আদি ৰোগত আমলখিৰ সেৱন কৰিলে সুফল পোৱা যায়। দুই চামুচ আমলখিৰ ৰসৰ লগত মিচিৰি বা মৌ দি দিনে এপালি কৰি খাব পাৰে কিছুদিন।

(৭).#শিলিখা:-ডাকৰ এষাৰ বচন আছে- ‘তিনি শিলিখা যম টিলিকা ‘ । অৰ্থাৎ দিনে তিনিটাকৈ শিলিখা খালে সৰ্বৰোগ নাশ হয়। বিভিন্ন ৰোগত শিলিখাই চমৎকাৰ দেখুৱায়। আয়ুৰ্বেদিক ঔষধ ‘ত্ৰিফলা’ৰ ই এটা উপকৰণ। যকৃতৰ এটা কাম হৈছে শৰীৰৰ অলাগতিয়াল বৰ্জ্য পদাৰ্থৰ নিষ্কাশন। শিলিখাত থকা টেনিন নামৰ পদাৰ্থই যকৃতৰ এই কাৰ্যত সহায় কৰি শৰীৰৰ শোধন কৰে।জণ্ডিচত তিনিটা শিলিখাৰ লগত অকণমান গুৰ দি খালে সুফল পোৱা যায়।

(৮).#টেঙেচি_শাক( Oxalis corniculata):- বিভিন্ন প্ৰকাৰৰ পেটৰ ৰোগত টেঙেচি শাক উপকাৰী। ই লিভাৰৰ কাৰ্যক্ষমতা বঢ়াই আৰু পাচন কাৰ্যত সহায় কৰে। টেঙেচি শাকৰ জোল খাব পাৰি । নাইবা টেঙেচি শাকৰ ৰসৰ লগত মিচিৰি মিহলাই খালেও সুফল পোৱা যায়।

(৯). #আদা:-পাকঘৰৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱা আদাৰ ঔষধি গুণৰ তুলনা নাই। পাচন কাৰ্যত সহায় কৰাৰ উপৰিও ই যকৃতৰ সুৰক্ষা কৰে, যকৃতৰ বিকৃতি (liver damage) ৰোধ কৰে। ফেটি লিভাৰত আদাৰ ব্যৱহাৰে সুফল দিয়ে কাৰণ আদাই চৰ্বিৰ বিপাকত সহায় কৰে । সেয়েহে বিভিন্ন দিট্ক্স ড্ৰিংকত ইয়াৰ ব্যৱহাৰ হয়। দৈনিক খাদ্য তালিকাত কম পৰিমাণে হলেও আদা থকা উচিত।

(১০).#নহৰু:- নহৰুও যকৃতৰ বাবে উপকাৰী। নহৰুত থকা এলিচিন আৰু ছিলেনীয়াম (selenium) এ অলাগতিয়াল বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰি যকৃতৰ শোধন কৰে ।

(১১).#থলুৱা_বনাশাক:-যকৃতৰ সুৰক্ষাত থলুৱা বনশাকৰ ভূমিকা অপৰিসীম। মাটিকাদুৰি, মানিমুনি, ভেদাইলতা,কলমৌ, মধুসূলেং,চেংমৰা, কল পচলা, মৰিছা শাক, ঢেকীয়া শাক খুঁতৰা শাক, টেঙামৰা আদিৰ সুস্বাদু থলুৱা ব্যঞ্জন সমুহে যকৃতক সুৰক্ষা প্ৰদান কৰা উপৰিও আন বহুতো ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ত মুখ্য ভূমিকা পালন কৰে। এলাগী যেন লগা এই থলুৱা ব্যঞ্জন সমূহ আমি সকলোৱে আদৰি লোৱা উচিত।

#যকৃতৰ_বাবে_উত্তম_পথ্য:- বিত, গাজৰ, কমলা, নেমু, আঙুৰ আদি টেঙা ফল,ব্রকলি, ফুলকবি, বন্ধাকবি( থাইৰয়ড সমস্যা থকা সকলে নাখাব), পালেং, মৰিছা আদি বিভিন্ন ৰঙীন শাকপাছলি, অমিতা ,ডালিম, মধুৰী আদি ফলমূল খাব লাগে।

#যকৃতৰ_সুৰক্ষাৰ_বাবে_সহজ_কিটিপ:-(ক).শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰা।

(খ).সুষম আৰু সমতুল্য আহাৰ (Balanced diet) গ্ৰহণ। এখন নিৰ্দিষ্ট দৈনিক ৰুটিন মানি খাদ্য গ্ৰহণ কৰক।

(গ). যধে মধে ঔষধ সেৱন কৰিব নালাগে। কাৰণ বহুতো ঔষধৰ পাৰ্শ্চ ক্ৰিয়া থাকে ।

(ঘ).অত্যাধিক চৰ্বী যুক্ত আহাৰ,তেল বা বেছি জ্বলা মচলা দিয়া খাদ্য, টিনত সংৰক্ষণ কৰা খাদ্য, অত্যাধিক মদ্যপান পৰিহাৰ কৰা উচিত।

(ঙ).বিশুদ্ধ খোৱা পানী গ্ৰহণ কৰা উচিত। কাৰণ দূষিত পানী বিভিন্ন ৰোগৰ কাৰণ।ৰাতিপুৱা খালি পেটত কুহুমীয়া পানী সেৱন কৰা উচি

You May Also Like

More From Author